সমললৈ যাওক

কালপুৰুষ

ৱিকিউদ্ধৃতিৰ পৰা

কালপুৰুষ অসমীয়া সাহিত্যৰ এখন কালজয়ী উপন্যাস। "জংগম" উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা দেবেন্দ্ৰ নাথ আচাৰ্য্যৰ এই উপন্যাসখন প্ৰথম প্ৰকাশ কৰিছিল বন্তি প্ৰকাশনে ১৯৭৬ চনৰ মাৰ্চ মাহত।

  1. "পূৰ্ণিমাৰ জোনাক ৰাতি। বুঢ়া জৰিগছ জোপাৰ ডালত নিয়তীয়ে কুৰুলিয়ালে। শিয়ালৰ ৰাউচিয়ে পহৰ সূচালে। দিখৌৰ সিপাৰে নিজানত চকোৱাই বিনালে। তেনেতে কুকুৰাই ডাক দিলত বুজিলোঁ-সময় হল। গছৰ আঁৰলৈ কাণসঁৰালি মাৰি খেন লেখি থাকিলোঁ।"[]
  2. "পিছে মোৰ কথা শুনোতে বাছাহঁত বুৰঞ্জীৰ দোহাই নিদিয়া; কাৰণ সঁজাতিয়ে বুৰঞ্জীৰ ভিতৰখন হাউলকৈ দেখিলে। বুৰঞ্জীয়ে কিন্তু সঁজাতিৰে চিনাকি নেপালে, ভিতৰখন জানিব কিৰূপে?"[]
  3. "ভূঁইকপত বহা ভাগিলে লোকে দুনাই সাজে নে নেসাজে? নে বাঁহতলত থাকে? কতোমান উপৰিপুৰুষৰ ৰাজ্যত বঙালী চিৰকালৰ নিমিত্তে শিপা গজাবলৈ দিব কোন সতে?"[]
  4. "ভ্ৰম বকাৰ মাজে মাজে বৰফুকনে এবাৰ মোলৈ চায়, এবাৰ দলৈৰ ফালে চায়। এবাৰ বোলে,'ধৰিব লাগে, খেন মিলিছে নে নাই?' দলৈয়ে বোলে 'নাই'। বৰফুকনে পাটীতে তিনিটা চিপ্ মাৰিলে- উঠিব নোৱাৰিলে। বোলে, 'কোন আছ মোক চালপীৰাৰেই তুলি বাটঘৰলৈ নে- বঙাল কোনখান পাইছেহি স্বচক্ষে চাওঁ।",[]
  1. আচাৰ্য্য, দেবেন্দ্ৰ নাথ (১৯৭৬)। কালপুৰুষ। বন্তি প্ৰকাশন, পৃষ্ঠা:৪৪।
  2. আচাৰ্য্য দেবেন্দ্ৰ নাথ (১৯৭৬)। কালপুৰুষ। বন্তি প্ৰকাশন, পৃষ্ঠা:১।
  3. আচাৰ্য্য দেবেন্দ্ৰ নাথ (১৯৭৬)। কালপুৰুষ। বন্তি প্ৰকাশন, পৃষ্ঠা:৯৯।
  4. আচাৰ্য্য দেবেন্দ্ৰ নাথ (১৯৭৬)। কালপুৰুষ। বন্তি প্ৰকাশন, পৃষ্ঠা:১৯০।