সমললৈ যাওক

কাইলৈৰ দিনটো আমাৰ হ'ব (কবিতা সংকলন)

ৱিকিউদ্ধৃতিৰ পৰা

কাইলৈৰ দিনটো আমাৰ হ'ব সনন্ত তাঁতি ৰ দ্বাৰা ৰচিত কবিতা সংকলন। ২০১৩ চনত গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰা হৈছিল।২০১৮ চনত গ্ৰন্থ খনে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ২০২২ চনৰ জানুৱাৰী মাহত আঁক-বাক প্ৰকাশনে গ্ৰন্থখনৰ চতুৰ্থ সংস্কৰণ প্ৰকাশ কৰি উলিয়ায়।[]

  1. সন্ত্ৰাসবাদৰ সংজ্ঞা কি
    মই এগৰাকী আইক সুধিলোঁ
    আয়ে ক'লে
    বোৱাৰীবোৰেই হৈছে আইসকলৰ বাবে সন্ত্ৰাসবাদ
    কিয়নো তেওঁলোকে প্ৰায়েই
    কৌশলেৰে পুত্ৰসকলক আঁতৰাই ৰাখে আইৰ মৰমৰ পৰা.
  2. মানুহবোৰ পগলা হৈ পৰিছে
    ইস্তাহাৰৰ যুঁজত ইদলে সিদলক চেৰ পেলাই
    প্ৰস্তুত কৰিছে লোভনীয় আঁচনি
  3. দিনবোৰে বিধ্বস্ত কৰি থৈ যায় মোক
    আৰু মই দিনবোৰৰ বিৰুদ্ধে অকলে অকলে নিজৰ ভিতৰতে যুঁজোঁ
  4. মই ঘিণ কৰোঁ সেই শব্দ
    যি শব্দই মোক মোৰ জীৱনবোধৰ বিৰুদ্ধে
    প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি দুৰ্বল কৰিব খোজে
    প্ৰতিনিয়ত।
  5. তুমি কেনেকুৱা স্বাধীনতা
    যি স্বাধীনতাৰ কোনো বৰণ নাই
    মাথোঁ ক'লাৰ বাহিৰে
  1. (২০২২) কাইলৈৰ দিনটো আমাৰ হ'ব, পৃষ্ঠা:১৫,২৯,৪১,৫২,৬৫।