সমললৈ যাওক

কাইলী মিনোগ

ৱিকিউদ্ধৃতিৰ পৰা
২০০৭ চনত কাইলী মিনোগ

কাইলী এন মিনোগ (জন্ম ২৮ মে' ১৯৬৮), যাক প্ৰায়েই কেৱল কাইলী বুলি জনা যায়, এগৰাকী অষ্ট্ৰেলিয়ান-ব্ৰিটিছ গায়িকা, ৰেকৰ্ডিং শিল্পী, গীতিকাৰ, শ্ব'গাৰ্ল আৰু অভিনেত্ৰী। তেওঁ ডেনী মিনোগৰ ভগ্নী।

  • মানুহে কিয় ভ্ৰমণত থাকিব বিচাৰে মই বুজিব পাৰোঁ, কাৰণ আপুনি নিজৰ বাবে এক সুকীয়া পৰিৱেশ গঢ়ি লয়। আপুনি প্ৰায় বাস্তৱ জগতত বাস নকৰাৰ দৰেই হয়। আপোনাৰ লগত থকা বস্তুসমূহ লৈ থকাটোৱেই যথেষ্ট।
    • সাক্ষাৎকাৰ, Popjustice.com[১]
  • মই বিশ্বাস কৰোঁ যে সেইটোৱেই শ্ৰেষ্ঠ গান যিটো শেষত এলবামটোত স্থান পায়। গতিকে সেইটো মই লিখিছোঁ নে নাই লিখা, মই দুয়োটা ক্ষেত্ৰতে অতি সহজ অনুভৱ কৰোঁ।
    • সাক্ষাৎকাৰ, Clashmusic.com সোমবাৰ, ০৫/০৭/২০১০[২]
  • যিটো কাৰণে মই উৎসাহিত হওঁ, আৰু মোৰ কামৰ আটাইতকৈ ডাঙৰ অংশটো হ'ল ইয়াৰ মানৱীয়তা; আৰু কিছুমান মুহূৰ্ত আহে যিবোৰে সঁচাকৈয়ে হৃদয় স্পৰ্শ কৰি যায়।
    • ডেইলী মিৰৰ, ৭ মাৰ্চ ২০১১[৩]