কবিতা (কাব্যগ্ৰন্থ)
অৱয়ব
কবিতা,নীলমণি ফুকনৰ এখনি কাব্যগ্ৰন্থ। এই কাব্যগ্ৰন্থ খনি ১৯৮১ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল। ১৯৮৬ চনত দ্বিতীয় প্ৰকাশ হয়। প্ৰকাশক আছিল বৰুৱা এজেন্সি, গুৱাহাটী। এইখন গ্ৰন্থৰ বাবেই নীলমণি ফুকনে ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আঙুলিবোৰৰ মাজতে ঘাঁহনি এখন পালোঁ
শুই থকা শিশু এটিৰ মুখৰ দৰে গছবোৰৰ ছায়া
আবেলিটো যোৱাৰ বাটেৰে ঘূৰি আহিব মোৰ আই
তেজা ৰঙা সূঁতাৰে গুণগুণাই তুলিবহি
আন্ধাৰত নাম এটা
টোপনিৰ মাজতে দুপৰীয়াৰ নদী এখন পালোঁ
নদীৰ কলকল ঘাট- য'ত মই বান্ধিছিলোঁ প্ৰাণ
গঙাচিলনী এটা- দীঘে-দীঘে হিয়াখন দুফাল কৰি যোৱা। - এইখিনিতেই দুয়ো এৰা-এৰি হৈছিলোঁ
অতল জলৰাশিৰ গুঞ্জনৰ দৰে লাগিছিল
অন্তৰীক্ষ বিশ্বচৰাচৰ। - তোমাক সাবটি লৈ অনুভৱ কৰিছিলোঁ
হালধীয়া বেঙুনীয়া ফুলবোৰ ফুলি উঠা
এটা শঙ্খৰ ভিতৰত এটা শঙ্খ বাজি উঠা। - এইখিনিতেই দুয়ো দুসোঁতা তেজ
হৈ বৈ গৈছিলোঁ দক্ষিণলৈ। - যমুনাৰ বালিত পৰি থকা শামুকৰ খোলা এটাত
জোনটোৱে উচুপিছে। - জীৱনক গ্ৰহণ কৰা
ভাঙা আৰু সাজা
আৰু গৈ থাকা
জীৱন মুক্ত জগৎ ছন্দোময়। - শুই থকা মানুহবোৰৰ মুখৰপৰা উৰি আহে জোনবোৰ
কেতেকী চৰাইৰ মাতৰ দৰে গোন্ধায় জোনাক। - কেনে আছোঁ মোক নুসুধিবা
ময়ো মোক সোধা নাই
কলঙেদি উটি আহে মুণ্ডহীন এজনী ছোৱালী
যোৱা ৰাতি মই কি আছিলোঁ
ৰজা সন্ন্যাসী কৃষক শ্ৰমিক প্ৰেমিক নক্সাল কবি
চিকাৰৰ পিছত পানী বিচাৰি ফুৰা এটা বাঘ
কি আছিলোঁ পাহৰিলোঁ।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ নীলমণি ফুকন ৰচনাৱলী, পৃষ্ঠা-৯৯,১০২,১০৬,১১১,১১২,১১৪