কবিতাৰ সংজ্ঞা
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
কবিতা হ'ল সাহিত্যৰ এটা বিশিষ্ট ভাগ। বিভিন্নজনে কবিতাৰ সংজ্ঞা দিবলৈ যত্ন কৰিছে৷ সাহিত্যৰ আটাইবোৰ বিভাগৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু পুৰণি ভাগটোৱেই হ'ল কবিতা।
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- কবিতা হ'ল ছন্দোবদ্ধ ৰচনা-- ড০ জনছন।[১]
- কবিতা হ'ল যুক্তিবুদ্ধিক কল্পনাৰে দীপ্ত কৰি সত্যৰ লগত আনন্দৰ সমন্বয় সাধনৰ কলা-- ড০ জনছন।[১]
- নিৰলাত সোঁৱৰা হিয়াৰ আবেগেই কবিতা-- ৱৰ্ডচৱৰ্থ।[১]
- উপচি উঠি আপোনা আপুনি পাৰ বাগৰি যোৱা আবেগৰ ঢলেই কবিতা -- ৱৰ্ডচৱৰ্থ।[১]
- কবিতা হ'ল জীবন বীক্ষা-- মেথিউ আৰ্ণল্ড।[১]
- উৎকৃষ্টতম শব্দ পুঞ্জৰ উৎকৃষ্ট তম বিন্যাসেই কবিতা-- ক'লৰিজ।[১]
- কবিতা হ'ল স্মৰণীয় বাক্য-- অডেন।[১]
- কবিতা হ'ল সংগীতময় চিন্তা-- কাৰ্লাইল।[১]
- কবিতা হ'ল, আবেগময় আৰু ছন্দস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি --- থিয়োডৰ ৱাটছ ডাণ্টন।[১]
- শব্দাৰ্থৌ সহিত কাব্যম (শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা) -- ভামহ (কাব্যালংকাৰ)[১]
- বাক্যং ৰসাত্মকং কাব্যম (ৰসময় বাক্যই কবিতা) --বিশ্বনাথ কবিৰাজ (সাহিত্য দৰ্পণ)।[১]