কথন শৰীৰ
অৱয়ব
কথন শৰীৰ কবি প্ৰদীপ শইকীয়াৰ নিৰ্বাচিত কবিতা সংকলন। ১৯৮৮ চনৰ পৰা ২০২১ চনলৈকে প্ৰকাশ পোৱা কবিৰ ১০ খন কবিতা সংকলনৰ পৰা নিৰ্বাচিত কবিতাসমূহ একত্ৰিত কৰি ইমৰান হুছেইনে সংকলন আৰু সম্পাদনা কৰা "কথন শৰীৰ" গ্ৰন্থখন প্ৰথম প্ৰকাশ হৈছিল শংকৰদেৱ প্ৰকাশনৰ পৰা ২০২৩ বৰ্ষৰ অক্টোবৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "হয়তু সমগ্ৰ জীৱন বিচাৰি কান্দিছে এক পান্থশালা
য'ত ৰাতিৰ শেষ প্ৰহৰে কামনাৰ পিৰামিড সাজে
প্ৰেমৰ নাগ-পেঁপা বাজে"[১] - "পৃথিৱীৰ মানুহ,
আৰু বেছি পৰ নাই
পৃথিৱীয়ে এপাক আকউ নাচিব"[২] - "তোৰ বুকুত দেওলগা ঘোঁৰা এৱাঁ সূতাৰে বন্ধা
ৰাতিৰ ঘৰ
কাণ উজাগৰে ৰাখ
চোতালত শুই আছে পোহনীয়া বাঘ"[৩] - "জুমুঠিৰ মানুহ
তোৰ পিঠিত
ৰ'দত ঢৌ ধুমুহাৰ পাক"[৪] - "ধোবাৰ পো। থেকেচি থেকেচি ধো
ৰজাৰ জলম। কাজলৰ দাগ"[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ হুছেইন ইমৰান (২০২৩)। কথন শৰীৰ। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৪০।
- ↑ হুছেইন ইমৰান (২০২৩)। কথন শৰীৰ। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৫১।
- ↑ হুছেইন ইমৰান (২০২৩)। কথন শৰীৰ। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৬৩।
- ↑ হুছেইন ইমৰান (২০২৩)। কথন শৰীৰ। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৭১।
- ↑ হুছেইন ইমৰান (২০২৩)। কথন শৰীৰ। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৯৮।