সমললৈ যাওক

ককাদেউতাৰ হাড় (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

ককাদেউতাৰ হাড় সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এখন উপন্যাস। নৱকান্ত বৰুৱাৰ ৰচিত এই উপন্যাসখনে ১৯৭৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

  • 'মানুহ' হোৱাৰ পিচত ছোৱালী ঘাটলৈ যোৱাটো লাজৰ কথা।'ভাল মানুহ'ৰ গাওঁ যে...[]
  • আমি তিৰোতা মানুহমখাই শান্তি বিচাৰোঁ,বৰ মইনা।...আমাৰ নিজৰ বাবে নহয়, ঘৰখনৰ শান্তিৰ কাৰণেহে শান্তি বিচাৰোঁ।[]
  • সাধাৰণ মানুহৰ শক্তিৰ সঞ্চাৰ কৰিবা, কিন্তু সেই শক্তিৰ মূল্য নিৰূপণ কৰিবলৈ নিদিবা।যদি সিহঁতে বুজি পায় সিহঁতৰ শক্তিৰ পৰিমাণ,তেযিয়াহ'লে সিহঁতক দমাই ৰখা টান হ'ব।[]
  • আইতা আমাৰ অতীতেই নে?আইতা জানো বৰ্তমান নহয়।কি? আইতাতকৈ মই বেছি বৰ্তমান।আইতা কম বৰ্তমান।মোৰ ছোৱালীটিৰ ওচৰত মই জানো অতীত নহয়?আমাৰ মাজত কিমানখিনি অতীত আৰু কিমানখিনি বৰ্তমান? আৰু ভৱিষ্যত? অতীত সমাপ্ত, কিন্তু অনাদি।[]
  • ভাবিব পৰা,ভাবিব লগা মানুহে ভাবিব নোখোজে বাবেই সংসাৰখন ইমান খেলিমেলি।...কাৰো ইচ্ছাৰ একো দাম নাই।সকলো কথা সকলো ঘটনা হৈয়েই আছে।কাৰো ইচ্ছাৰ বাবে কোনো ঘটনা ৰৈ নাথাকিল।[]
  1. ককাদেউতাৰ হাড়, পৃষ্ঠা. ৫.
  2. ককাদেউতাৰ হাড়, পৃষ্ঠা. ৪১.
  3. ককাদেউতাৰ হাড়, পৃষ্ঠা. ৫৩.
  4. ককাদেউতাৰ হাড়, পৃষ্ঠা. ৮৮.
  5. ককাদেউতাৰ হাড়, পৃষ্ঠা. ১০৩.