সমললৈ যাওক

কংগনা ৰাণাৱত

ৱিকিউদ্ধৃতিৰ পৰা
২০২৪ চনত কংগনা

কংগনা ৰাণাৱত (জন্ম: ২৩ মাৰ্চ ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু ৰাজনীতিবিদ। হিন্দী চলচ্চিত্ৰত শক্তিশালী আৰু ব্যতিক্ৰমী নাৰী চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত কংগনাই চাৰিবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পাঁচবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ ছয়বাৰকৈ ফৰ্বচ ইণ্ডিয়াৰ 'চেলিব্ৰিটি ১০০' তালিকাত স্থান লাভ কৰিছে। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান 'পদ্মশ্ৰী'ৰে বিভূষিত কৰে।

  • "ছোৱালীৰ বাবে বিবাহক ইমান গুৰুত্বপূৰ্ণ কৰি তোলা হয়। কোনোবা এটা সময়ত মনোযোগটো বিবাহৰ পৰা আঁতৰি জীৱনৰ প্ৰকৃত প্ৰত্যাহ্বানবোৰলৈ যাব লাগে, যিবোৰ মহিলা আৰু পুৰুষ উভয়ৰে বাবে একে। আমি আমাৰ ছোৱালীবোৰক ঠিক তেনেদৰেই প্ৰস্তুত কৰিব লাগিব যিদৰে আমি ল’ৰাবোৰক প্ৰস্তুত কৰোঁ।"
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: