সমললৈ যাওক

এ এ মিলনে

ৱিকিউদ্ধৃতিৰ পৰা
যেতিয়া আপুনি ‘অতি কম বুদ্ধিমত্তাৰ ভালুক’ হয়, আৰু আপুনি কিবা এটা কথা চিন্তা কৰে, তেতিয়া কেতিয়াবা আপুনি দেখিবলৈ পায় যে আপোনাৰ মনটোৰ ভিতৰত যিটো অতি ‘বস্তুৰ দৰে’ যেন লাগিছিল, সেইটো আচলতে বাহিৰত প্ৰকাশ পাই আন মানুহৰ দৃষ্টিগোচৰ হ’লেই সম্পূৰ্ণ বেলেগ কিবা এটা হৈ পৰে।

এলেন আলেকজেণ্ডাৰ মিলনে (ইংৰাজী: Alan Alexander Milne ; জন্ম: ১৮ জানুৱাৰী ১৮৮২ – মৃত্যু : ৩১ জানুৱাৰী ১৯৫৬) এজন ইংৰাজী লেখক, টেডি বিয়াৰ উইনি-দ্য-পুহৰ বিষয়ে লিখা গ্ৰন্থ আৰু শিশুৰ বাবে লিখা বিভিন্ন কবিতাৰ বাবে বেছিকৈ পৰিচিত।

  • আপুনি যদি এশ বছৰ জীয়াই থাকে, তেন্তে মই এদিন এশ বছৰ কমকৈ জীয়াই থাকিব বিচাৰো, যাতে মই কেতিয়াও তোমাৰ অবিহনে জীয়াই থাকিব নালাগে।[]
  • কোনোবা ওচৰলৈ অহালৈ অপেক্ষা কৰি আপুনি হাবিৰ কোণত থাকিব নোৱাৰে। কেতিয়াবা নিজেই তেওঁলোকৰ ওচৰলৈ যাব লগে।[]
  • ক’ৰবাত এবাৰ লিখিছিলোঁ যে তৃতীয় শ্ৰেণীৰ মনটোৱে সংখ্যাগৰিষ্ঠৰ সৈতে চিন্তা কৰিলেহে সুখী হয়, দ্বিতীয় শ্ৰেণীৰ মনটোৱে সংখ্যালঘুৰ সৈতে চিন্তা কৰিলেহে সুখী হয়, আৰু প্ৰথম শ্ৰেণীৰ মনটোৱে চিন্তা কৰি থাকিলেহে সুখী হয়।
- ৱাৰ উইথ অনাৰ, মেকমিলান ৱাৰ পেম্প্লেটছ, সংখ্যা ২ (১৯৪০)।
  • সংগঠিত কৰাটো হ’ল আপুনি কিবা এটা কৰাৰ আগতে কৰা কাম, যাতে যেতিয়া আপুনি কামটো কৰে তেতিয়া সকলো খেলিমেলি নহয়।[]
  1. ১.০ ১.১ ১.২ A. A. Milne Quotes. আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2026.