সমললৈ যাওক

এ আৰ ৰহমান

ৱিকিউদ্ধৃতিৰ পৰা
মাদ্ৰাজৰ মোজাৰ্ট এ আৰ ৰহমান

এ আৰ ৰহমান সম্পূৰ্ণ নাম আল্লাহ-ৰাখা ৰহমান (জন্ম: ১৯৬৭ চনৰ ৬ জানুৱাৰীত এ. এছ. দিলীপ কুমাৰ নামেৰে) এজন ভাৰতীয় সুৰকাৰ, গায়ক-গীতিকাৰ, সংগীত প্ৰযোজক, সংগীতজ্ঞ, বহু বাদ্যযন্ত্ৰবাদক আৰু দানশীল ব্যক্তি।

ৰহমানে সমসাময়িক ভাৰতীয় সংগীতক পুনৰ সংজ্ঞায়িত কৰে। ইলেক্ট্ৰনিক সংগীতৰ শব্দ, বিশ্ব সংগীতৰ ধাৰা আৰু পৰম্পৰাগত অৰ্কেষ্ট্ৰাৰ ব্যৱস্থাৰ সৈতে পূবৰ শাস্ত্ৰীয় সংগীতক একত্ৰিত কৰাৰ বাবে তেওঁৰ ৰচনাসমূহ উল্লেখযোগ্য। টাইম আলোচনীয়ে তেওঁক বিশ্বৰ আটাইতকৈ বিশিষ্ট আৰু প্ৰচুৰ চলচ্চিত্ৰ সুৰকাৰ হিচাপে অভিহিত কৰিছে।

ৰহমানে অসংখ্য ফিল্মফেয়াৰ আৰু অন্যান্য বঁটাৰ উপৰিও দুটা একাডেমী বঁটা, দুটা গ্ৰেমী বঁটা, এটা বাফটা বঁটা লাভ কৰিছে। চলচ্চিত্ৰ আৰু মঞ্চৰ বাবে তেওঁৰ বিস্তৃত কামৰ বাবে তেওঁক "মাদ্ৰাজৰ মোজাৰ্ট" বুলি ডাকনাম দিয়া হৈছে। ২০০৯ চনত টাইমে ৰহমানক বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী লোকৰ তালিকাত স্থান দিছিল। ব্ৰিটেইনৰ ৱৰ্ল্ড মিউজিক আলোচনী ছংলাইনছে ২০১১ চনৰ আগষ্ট মাহত তেওঁক ‘টুম’ৰ’ছ ৱৰ্ল্ড মিউজিক আইকন’ৰ ভিতৰত অন্যতম হিচাপে ঘোষণা কৰে।

ভাৰত চৰকাৰৰ অন্যতম সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মভূষণেৰেও ৰহমানক সন্মানিত কৰা হৈছে।

  • ‘শ্লামডগ’ ভাল পোৱাৰ কাৰণটো হ’ল সংগীত বিশ্বৰ সকলো সংস্কৃতিৰ, সকলোৱে উদযাপন কৰে। ভাৰতত মই জানো মানুহে অনুভৱ কৰে যে (মোৰ) আন ছবিৰ স্ক’ৰবোৰে তেওঁলোকৰ হৃদয়ৰ স্পৰ্শ কৰিছে। কিন্তু যেতিয়া আপুনি ছবি এখন কৰি আছে, তেতিয়া ছবিখনক এটা সম্পূৰ্ণ কলাকৰ্মৰ দৰে কৰি তোলাটো অতি প্ৰয়োজনীয়। মই ভাবোঁ চীনা, হিপ-হপ, এম.আই.এ.লৈকে সম্ভৱপৰ সকলো ধৰণৰ সংগীতেৰে ‘শ্লামডগ’ স্ক’ৰ কৰাটো। . . .আৰু ই মোৰ বাবে সঁচাকৈয়ে সতেজ ক্ষেত্ৰ আছিল।[]
  • মই ভাবোঁ ইয়াত (ভাৰতত) সংগীতজ্ঞসকলে মাৰ খাই যায়। সংগীত প্ৰডাকচন হাউছে বিদেশৰ শিল্পীসকলৰ ভালদৰে যত্ন লয় আৰু যদিও আপফ্ৰন্ট চাইনিংৰ পৰিমাণ মই ইয়াত পোৱাতকৈ বহু কম, ৰয়েল্টিয়ে ভৱিষ্যতৰ ৰিটাৰ্ণৰ যত্ন লয়।[]
  • নিৰ্মল মন আৰু শুভ ফলাফলৰ আশাৰে এখন আদৰ্শ পৃথিৱী নিশ্চিতভাৱে সৃষ্টি কৰিব পাৰি।[]
  • শিশুৰ নিষ্কলুষতা আৰু আমি প্ৰাপ্তবয়স্ক হিচাপে কঢ়িয়াই নিয়া বোজাবোৰে আমাৰ সিদ্ধান্তত হেতালি খেলা বিষয়বোৰে মোক সদায় মুগ্ধ কৰি তোলে।[]
  1. "Slumdog' Composer Competes for Oscars", Washington Post, 19 February 2009. আহৰণ কৰা হৈছে 16 December 2013.
  2. A R Rahman: Composing a winning score. প্ৰকাশক: Rediff.com (21 September 2002). আহৰণ কৰা হৈছে: 16 December 2013.
  3. Superheavy. প্ৰকাশক: Official website of ARRahman. আহৰণ কৰা হৈছে: 16 December 2013.
  4. Infinite Love. প্ৰকাশক: Official website of ARRahman. আহৰণ কৰা হৈছে: 16 December 2013.