সমললৈ যাওক

এলিন’ৰ ৰুজভেল্ট

ৱিকিউদ্ধৃতিৰ পৰা
প্ৰেম কৰিবলৈ সাহস লাগে, কিন্তু প্ৰেমৰ পৰা যি বেদনা আহে সেয়া এক পবিত্ৰ অগ্নি। যিটো সঁচা অন্তৰেৰে ভালপোৱা সকলেহে জানে।

আন্না এলিন’ৰ ৰুজভেল্ট (জন্ম:১১ অক্টোবৰ, ১৮৮৪ – মৃত্যু:৭ নৱেম্বৰ, ১৯৬২) এজনী আমেৰিকান ৰাজনৈতিক ব্যক্তি, কূটনীতিবিদ, সামাজিক কৰ্মী, আৰু প্ৰথম মহিলা (আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডেলানো ৰুজভেল্টৰ পত্নী হিচাপে) আছিল।

  • অস! তোমাক দুবাহুৰে ধৰি ৰাখিব বিচাৰোঁ, তোমাক মোৰ ওচৰত ৰাখিবলৈ মোৰ হাঁহাকাৰ। তুমি মোক দিয়া আঙঠিটোৱেই সহায়। মই চাই ভাবোঁ তুমি মোক সঁচাকৈয়ে ভাল পোৱা— নহ’লে মোৰ আঙুলিত এই আঙঠিটো কিয় থাকিব!
- লৰেনা হিককলৈ লিখা এখন চিঠিৰ পৰা, ১৯৩৩ চনৰ ৭ মাৰ্চ।
  • বুজাবুজি এটা দুমুখীয়া পথ।
- আৰ্থাৰ ৰিচমণ্ডৰ ‘মডাৰ্ণ কোটেচনছ ফৰ ৰেডি ৰেফাৰেন্স’ (১৯৪৭) নামৰ গ্ৰন্থখনৰ ৪৫৫ নং পৃষ্ঠাত উদ্ধৃত কৰা অনুসৰি।
  • কেৱল শান্তিৰ কথা ক’লেই নহ’ব। বিশ্বাসো কৰিব লাগিব। আৰু কেৱল বিশ্বাস কৰিলেই নহ’ব। ইয়াৰ বাবে এজনে কামো কৰিব লাগিব।
- ভইচ অৱ আমেৰিকা সম্প্ৰচাৰ (১১ নৱেম্বৰ, ১৯৫১)
  • আমি সত্যৰ সম্মুখীন হ’ব লাগিব: হয় আমি সকলোৱে একেলগে মৰিম, নহয় আমি একেলগে জীয়াই থাকিবলৈ শিকিম; আৰু যদি আমি একেলগে থাকিব লাগে তেন্তে ইজনে সিজনৰ লগত কথা পাতিব লাগিব।
- ৰোজালি মেজিঅ’ৰ কিতাপ দ্য বিকন বুক অৱ কোটেচনছ বাই উইমেন (১৯৯২), পৃষ্ঠা ১৫৬ত উদ্ধৃত কৰা অনুসৰি দ্য নিউয়ৰ্ক টাইমছ (১৯৬০)।