এলিছ ৱাকাৰ
অৱয়ব

এলিছ মালচেনিয়ৰ ৱাকাৰ (ইংৰাজী: Alice Malsenior Walker ; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৪৪) এগৰাকী আমেৰিকান লেখিকাৰ "দ্য কালাৰ পাৰ্পল" উপন্যাসখনে পুলিৎজাৰ বঁটা আৰু আমেৰিকান বুক বঁটা দুয়োটাৰে সন্মানিত হৈছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৃথিৱীৰ জীৱ-জন্তুবোৰৰ অস্তিত্ব নিজস্ব কাৰণত। কৃষ্ণাংগ মানুহক বগা বা মহিলাক পুৰুষৰ বাবে যিদৰে তৈয়াৰ কৰা হৈছিল, তেনেকৈ মানুহৰ বাবেই নিৰ্মাণ কৰা হোৱা নাছিল।
- - মাৰ্জাৰী স্পিগেলৰ দ্য ড্ৰেডেড কম্পাৰিচন: এনিমেল স্লেভাৰী এণ্ড হিউমেন স্লেভাৰী (১৯৯৬)ৰ প্ৰস্তাৱনা, পৃ. ১৪.[১]
- আমি গান গাই নাচো, মুখ বনাই ফুলৰ থোপা দিওঁ, প্ৰেম পাবলৈ চেষ্টা কৰোঁ। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে আমাৰ দৰেই গছবোৰেও খোজ কঢ়াৰ বাহিৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সকলো কাম কৰে?
- - দ্য কালাৰ পাৰ্পল[২]
- মই একো নাজানো, মই ভাবো। আৰু ইয়াৰ বাবে আনন্দিত।
- - দ্য কালাৰ পাৰ্পল [২]
- মানুহে নিজৰ ক্ষমতা এৰি দিয়াৰ আটাইতকৈ সাধাৰণ উপায়টো হ’ল নিজৰ ক্ষমতা নাই বুলি ভাবি লোৱা।
- - এলিছ ৱাকাৰৰ উক্তি [৩]
- ‘ধন্যবাদ’ যিকোনো ব্যক্তিয়ে ক’ব পৰা সৰ্বোত্তম প্ৰাৰ্থনা। সেইটো মই বহুত কওঁ। "ধন্যবাদ" য়ে চৰম কৃতজ্ঞতা, নম্ৰতা, বুজাবুজি প্ৰকাশ কৰে।
- - এলিছ ৱাকাৰৰ উক্তি [৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ The Dreaded Comparison: Human and Animal Slavery পৃষ্ঠা: 14. আহৰণ কৰা হৈছে: 5 এপ্ৰিল 2026.
- ↑ ২.০ ২.১ The Color Purple (1982). আহৰণ কৰা হৈছে: 5 এপ্ৰিল 2026.
- ↑ ৩.০ ৩.১ Alice Walker Quotes. আহৰণ কৰা হৈছে: 5 এপ্ৰিল 2026.