সমললৈ যাওক

এমা ৱাটছন

ৱিকিউদ্ধৃতিৰ পৰা
মই যি দেখিছোঁ সেয়া দেখাৰ পিছত — আৰু সুযোগ পোৱাৰ পিছত — মই অনুভৱ কৰোঁ যে কিবা এটা কোৱাটো মোৰ কৰ্তব্য।

এমা চাৰ্লট ডুৱেৰ ৱাটছন (জন্ম: ১৫ এপ্ৰিল, ১৯৯০) এগৰাকী ইংৰাজ অভিনেত্ৰী, মডেল আৰু সক্ৰিয় কৰ্মী, যি হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাত হাৰমাইনি গ্ৰেইঞ্জাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

সংজ্ঞা অনুসৰি নাৰীবাদ হ’ল: “পুৰুষ আৰু মহিলাৰ সমান অধিকাৰ আৰু সুযোগ থকা উচিত বুলি কৰা বিশ্বাস। ই লিংগসমূহৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমতাৰ তত্ত্ব।”
মই ভাবো সামাজিকভাৱে মোক পুৰুষৰ দৰেই সন্মান দিয়াটো সঠিক। কিন্তু দুৰ্ভাগ্যবশতঃ মই ক’ব পাৰোঁ যে পৃথিৱীৰ এখন দেশতো সকলো মহিলাই এই অধিকাৰসমূহ পাব বুলি আশা কৰিব নোৱাৰে।
  • মই গাড়ী চলাবলৈ শিকিবলৈ ৰৈ থাকিব পৰা নাই, কিন্তু এইটো কঠিন। ভালদৰে গাড়ী চলোৱাটো আচলতে আমাৰ পৰিয়ালৰ বংশগত গুণ নহয়। মোৰ মা সম্ভৱতঃ পৃথিৱীৰ আটাইতকৈ বেয়া গাড়ী চালক।
    • দ্য লেট শ্ব' উইথ ডেভিড লেটাৰমেন (১১ জুলাই ২০০৭)
  • মোক এটা একচন ফিগাৰ (খেলনা) হিচাপে দেখাটো অবিশ্বাস্য আছিল! কেইমাহমানৰ ভিতৰত গোটেই দেশৰ সৰু ল'ৰা-ছোৱালীবোৰে মোৰ মূৰটো কামুৰি থাকিব (খেলনাটোৰে খেলিব)!
  • মই ভাবো মই আচলতে মই যে বিখ্যাত সেই কথাটো মানি ল’বলৈ টান পাওঁ, যেতিয়া ৰাস্তাত মানুহৰ ভিৰ হয় তেতিয়াহে মই এইটো অনুভৱ কৰোঁ। মোৰ বন্ধুসকলে মোক এজন স্বাভাৱিক মানুহৰ দৰেই ব্যৱহাৰ কৰে, যিটো মই বিচাৰিছিলোঁ।
    • (গাৰ্লছ লাইফ মেগাজিন ২০০৭)
  • নাৰীবাদ কি সেই বিষয়ে কিমান ভুল ধাৰণা আৰু ভুল বুজাবুজি আছে সেয়া সদায় মোৰ ওচৰত স্পষ্ট হৈ পৰে। নাৰীবাদ হ’ল মহিলাসকলক পছন্দৰ অধিকাৰ দিয়া। নাৰীবাদ আন মহিলাক আঘাত কৰাৰ কোনো মাৰিলেঠাৰী নহয়। ই স্বাধীনতাৰ বিষয়ে, ই মুক্তিৰ বিষয়ে, ই সমতাৰ বিষয়ে। মোৰ শৰীৰৰ কাপোৰৰ সৈতে ইয়াৰ কি সম্পৰ্ক আছে মই সঁচাকৈয়ে নাজানো। ই অতি বিভ্ৰান্তিকৰ।
    • ৰয়টাৰ্ছ, ভোগ (Vogue) আলোচনীৰ ফটোৰ সমালোচকসকলৰ প্ৰত্যুত্তৰত (৫ মাৰ্চ ২০১৭)
  • সহানুভূতি আৰু কল্পনাশক্তি ব্যৱহাৰ কৰাৰ ক্ষমতাৰ কোনো সীমা থকা উচিত নহয়।
    • MTV মুভি এণ্ড টিভি এৱাৰ্ডছ (৯ মে’ ২০১৭)
  • [নাৰীবাদ] কেৱল আপোনাৰ বাবে, বা আপোনাৰ ভগ্নী বা আপোনাৰ মাতৃৰ বাবে কিবা লাভ হ’ব পাৰে কাৰণেই লিংগ সমতাৰ প্ৰয়োজন বুলি আপোনাক পতিয়ন নিওৱাৰ বাবে নহয়। প্ৰশ্নটো হ’ল, সমগ্ৰ মানৱ জাতিৰ বাবে ইয়াত কি আছে?
  • পুৰুষ আৰু মহিলা দুয়োজনেই সংবেদনশীল হ’বলৈ মুক্ত অনুভৱ কৰা উচিত। পুৰুষ আৰু মহিলা দুয়োজনেই শক্তিশালী হ’বলৈ মুক্ত অনুভৱ কৰা উচিত।
  • নাৰীবাদ আপোনাক নিৰ্দেশ দিবলৈ অহা নাই। ই কোনো নীতি-নিয়ম বা মতবাদ নহয়। আমি ইয়াত কেৱল আপোনাক এটা পছন্দৰ অধিকাৰ দিবলৈ আছোঁ। আমি মহিলাসকলক তেওঁলোকে যি বিচাৰে তাকেই কৰিবলৈ, নিজৰ প্ৰতি সত্য হ’বলৈ আৰু বিকাশৰ সুযোগ লাভ কৰিবলৈ সৱলীকৰণ কৰিব বিচাৰোঁ। মহিলাসকলে মুক্ত অনুভৱ কৰা উচিত। কোনো নিৰ্দিষ্ট ধৰণৰ নাৰীবাদী নাই।
    • Elle U.K. (ডিচেম্বৰ ২০১৪)
  • মহিলা আৰু ছোৱালীসকলে সদায় বাধাৰ সন্মুখীন হৈ আহিছে। কিন্তু সেয়া আমাক কেতিয়াও ৰখাব পৰা নাই। আমি ত্যাগ কৰিছোঁ, যুঁজিছোঁ, অভিযান চলাইছোঁ, সফল হৈছোঁ, পিছলি পৰিছোঁ আৰু পুনৰ সফল হৈছোঁ। ন্যায়ৰ দৌৰত আমি আমাৰ অধিকাৰ জিকিবলৈ অগণন বাধা অতিক্ৰম কৰিছোঁ।
    • চুটি ছবি 'Hurdles' ৰ ভাষ্য (ছেপ্টেম্বৰ ২০১৬)
  • নাৰীবাদ কৌতুকপূৰ্ণও হ’ব পাৰে। জীৱনৰ সকলো কথা আপুনি গুৰুত্বসহকাৰে ল’ব নোৱাৰে, পাৰে জানো? মোৰ সমালোচকসকলে মোক নিৰুৎসাহিত কৰা নাই, বৰঞ্চ তেওঁলোকে মোক অধিক শক্তিশালীভাৱে যুঁজিবলৈ অনুপ্ৰাণিতহে কৰিছে।
    • Elle (২০১৭)
  • আমি এনে এটা সংস্কৃতিত বাস কৰা উচিত যি পুৰুষৰ দৰেই মহিলাকো মূল্য দিয়ে, সন্মান কৰে আৰু আদৰ্শ হিচাপে গণ্য কৰে। ই কেৱল 'ছোৱালী ল'ৰাতকৈ ভাল' তেনে নহয়; ইয়াৰ অৰ্থ হ’ল 'প্ৰতিগৰাকী ব্যক্তিয়ে এক সুযোগ পোৱাৰ যোগ্য'।

ৰাষ্ট্ৰসংঘৰ 'HeForShe' অভিযানৰ ভাষণ (২০১৪)

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  • আজি আমি “HeForShe” নামৰ এটা অভিযান আৰম্ভ কৰিছোঁ।
    মই আপোনালোকৰ ওচৰলৈ আহিছোঁ কাৰণ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। আমি লিংগ বৈষম্য দূৰ কৰিব বিচাৰোঁ — আৰু ইয়াৰ বাবে সকলোৰে অংশগ্ৰহণৰ প্ৰয়োজন।
    ৰাষ্ট্ৰসংঘত এইটোৱেই প্ৰথম এনেধৰণৰ অভিযান: আমি যিমান পাৰো বেছি পুৰুষ আৰু ল'ৰাক পৰিৱৰ্তনৰ সমৰ্থক হিচাপে একত্ৰিত কৰিব বিচাৰোঁ। আৰু আমি কেৱল ইয়াৰ বিষয়ে কথা পাতিবলৈ নিবিচাৰোঁ। আমি ইয়াৰ বাস্তৱ ৰূপ চাব বিচাৰোঁ।
  • সংজ্ঞা অনুসৰি নাৰীবাদ হ’ল: “পুৰুষ আৰু মহিলাৰ সমান অধিকাৰ আৰু সুযোগ থকা উচিত বুলি কৰা বিশ্বাস। ই লিংগসমূহৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমতাৰ তত্ত্ব।”
  • মই বহুত আগতেই লিংগভিত্তিক ধাৰণাসমূহক লৈ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিলোঁ। যেতিয়া মোৰ বয়স আঠ বছৰ আছিল, মোক “বচি” (bossy বা বেছি কথা কোৱা বা হুকুম দিয়া) বুলি কোৱাত মই বিমোৰত পৰিছিলোঁ, কাৰণ মই আমাৰ পিতৃ-মাতৃৰ বাবে কৰা নাটবোৰ পৰিচালনা কৰিব বিচাৰিছিলোঁ — কিন্তু ল’ৰাবোৰক তেনেদৰে কোৱা হোৱা নাছিল।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: