সমললৈ যাওক

এফ স্কট ফিটজেৰাল্ড

ৱিকিউদ্ধৃতিৰ পৰা
যেতিয়াই যিকোনো এজনক সমালোচনা কৰিবলৈ মন যায়... মাত্ৰ এটা কথা মনত ৰাখিব যে এই পৃথিৱীৰ সকলো মানুহৰে আপোনাৰ দৰে সুবিধা হোৱা নাই।

ফ্ৰান্সিছ স্কট কী ফিটজেৰাল্ড (জন্ম: ২৪ ছেপ্টেম্বৰ ১৮৯৬ – মৃত্যু: ২১ ডিচেম্বৰ ১৯৪০) এজন আইৰিছ-আমেৰিকান ঔপন্যাসিক আৰু চুটিগল্প লেখক।

  • কেতিয়াও পৰাজয়ক চূড়ান্ত পৰাজয় বুলি ভুল নকৰিব।[]
  • আপুনি কিবা এটা ক’ব বিচাৰিলেই লিখা নাই; আপুনি লিখে কাৰণ আপোনাৰ কিবা ক’বলগীয়া আছে।[]
  • সকলো ভাল লিখনি পানীৰ তলত সাঁতুৰি উশাহ বন্ধ কৰাৰ দৰেই।[]
  • সঠিক হোৱাতকৈ দয়ালু হোৱাটোৱেই বেছি গুৰুত্বপূৰ্ণ। কেতিয়াবা, মানুহক তেনেকুৱা চোকা মনৰ প্ৰয়োজন নহয়।বৰঞ্চ মনোযোগেৰে শুনা বিশেষ হৃদয় এটাও লাগে।[]
  • যেতিয়াই যিকোনো এজনক সমালোচনা কৰিবলৈ মন যায়... মাত্ৰ এটা কথা মনত ৰাখিব যে এই পৃথিৱীৰ সকলো মানুহৰে আপোনাৰ দৰে সুবিধা হোৱা নাই।[]
  • পৃথিৱীৰ অস্তিত্ব কেৱল আপোনাৰ চকুত। আপুনি যিমান বিচাৰে সিমান ডাঙৰ বা সৰু বনাব পাৰে।[]
  1. ১.০ ১.১ ১.২ ১.৩ F. Scott Fitzgerald Quotes. আহৰণ কৰা হৈছে: 11 এপ্ৰিল 2026.
  2. ২.০ ২.১ Top 25 quotes by F. Scott Fitzgerald. আহৰণ কৰা হৈছে: 11 এপ্ৰিল 2026.