সমললৈ যাওক

এধানি মাহীৰ হাঁহি (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

এধানী মাহীৰ হাঁহি,কথাশিল্পী মহিম বৰাৰ এক সৃষ্টি।উপন্যাস খনত মূলতঃ কুৰি শতিকাৰ অসমীয়া সমাজখনৰ এক বৰ্ণনা দাঙি ধৰা হৈছে।উপন্যাস খন ১৯৯৭ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত হৈছিল।[]

  1. মোৰ কাৰণে অতীত বুলিলে অকল এধানী মাহী, এধানী মাহীৰ আপডালত ডাঙৰ হোৱা চাৰিটা বছৰৰ স্মৃতিখিনি মাথোন। বাকী অতীতখিনি পাৰ হৈ অহা জীৱনটোৰ তাৎপৰ্যহীন অথচ প্ৰয়োজনীয় বিস্মৃতি। চেমনীয়া জীৱনৰ সেই চাৰিটা বছৰৰ সোঁৱৰণিয়ে উশাহ-নিশাহৰ দৰেই মোৰ জীৱনটোক বাহিৰে-ভিতৰে আৱৰি ৰাখিছে।[]
  2. বুজিছ দেউকণ, তোৰ চুলি যদি আগলৈ কিচকিচীয়া কৰি ৰাখিব খুজিছ, কেতিয়াও চাবোন নলগাবি আৰু সপ্তাহে-দুসপ্তাহে এনেকৈ মূৰ ধুবি, নাৰিকলৰ তেল সানি ম'হৰ শিঙৰ ফণিৰে লাহে লাহে ফণিয়াবি। আৰু তোৰ দাঁতৰ আলু ফুলা মই কেনেকৈ ভাল কৰি দিলো? সদায় নিমখ মিহি কৰি পিহি লৈ খাইতেল (সৰিয়হৰ তেল) সানি দাঁত ঘঁহিবি, পুৱা আৰু ৰাতি ভাত খোৱাৰ পিছত, আগলৈ কেতিয়াও দাঁতৰ বেমাৰ নহ'ব, দাঁত পোকে নাখাব।[]
  3. সঁচাই, জীৱনৰ কি বিচিত্ৰ গতি! যাক ধৰি আছে বুলি ভাব হয়, পিছ মুহূৰ্ততে সি আপোনা-আপুনি এৰা পৰে। ধৰা আৰু এৰাই জীৱনৰ লক্ষণ, সেয়ে আনি দিয়ে জীৱনৰ গতি। শেষত জীৱনটোৱে নিজৰ অতি প্ৰিয় দেহাটোকো এৰি আন কিবা এটাক ধৰেগৈ, হ'ব পাৰে সেইটোও এটা নতুন জীৱন। ককাদেউতাই ভকতীয়া কথা পাতোঁতে পদ মতা শুনোঃ
    যেন জোকে তৃণ পাইলে এৰে আউৰ তৃণ।
    জীৱন-মৰণ-স্বপ্ন এৰে নোহি ভিন্ন॥'
    জীৱনে 'এৰিবৰ' কাৰণেহে 'ধৰে'। 'ধৰা'টো অৱলম্বনহে।[]
  4. আপুনি কৈছিল মাহী, আপুনি যশোদা মাই। মাতৃৰ সেৱা কৰিবলৈ সুযোগ দিব লাগিব। আপুনি আশ্ৰম এৰি মোৰ লগত থাকিলেহে মই ঘৰ-সংসাৰত সোমাম। নহ'লে ময়ো আশ্ৰমত থকাৰ দৰে থাকিম।[]
  5. নিজৰ বংশৰ ধাৰাটো বোৱাই ৰাখিবৰ কাৰণেই নাৰী-পুৰুষৰ সামাজিক ধৰ্মীয় সীমাৰ মাজত মিলনৰ ব্যৱস্থা। সেয়ে নহ'লে বিবাহব অৰ্থ অকল ইন্দ্ৰিয় চৰিতাৰ্থ। বিবাহৰ যোগেদিয়ে পুৰুষ হয় পিতৃ, নাৰী হয় মাতৃ, তাৰ পিছত ককা, আজোককা, একৈশ পুৰুষ নহ'লেও শ্ৰাদ্ধ-পিণ্ডৰ সাতপুৰুষ। মৃত্যু আছে কাৰণেই বিয়াৰ প্ৰয়োজন একান্ত।[]
  1. বৰা,মহিম(ডিচেম্বৰ,২০১৩)।এধানী মাহীৰ হাঁহি।বনলতা প্ৰকাশন
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ বৰা, মহিম (২০১৩)। এধানি মাহীৰ হাঁহি। বনলতা, পৃষ্ঠা:১,৯,৫৪,৮১,৮৮।