এডমাণ্ড হিলাৰী
অৱয়ব

ছাৰ এডমাণ্ড পাৰ্চিভাল হিলাৰী (ইংৰাজী: Sir Edmund Percival Hillary ) (জন্ম,২০ জুলাই ১৯১৯ – মৃত্যু,১১ জানুৱাৰী ২০০৮) আছিল নিউজিলেণ্ডৰ এজন পৰ্বতাৰোহী, অভিযাত্ৰী,লেখক আৰু দানশীল ব্যক্তি। ১৯৫৩ চনৰ ২৯ মে’ত হিলাৰী আৰু নেপালী শ্বেৰ্পা পৰ্বতাৰোহী টেনজিং নৰ্গেই মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথম পৰ্বতাৰোহী হিচাপে পৰিগণিত হয়।এভাৰেষ্ট আৰোহণৰ পিছত তেওঁ ১৯৬০ চনত স্থাপন কৰা হিমালয়ান ট্ৰাষ্টৰ জৰিয়তে নেপালৰ শ্বেৰ্পা জনসাধাৰণক সহায় কৰাত নিজকে উৎসৰ্গা কৰে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]



- "সৰুতে মই বহুত সপোন দেখিছিলো; বহুতো দুঃসাহসিক কিতাপ পঢ়িছিলো আৰু নিজৰ চিন্তাত মগ্ন হৈ অকলে মাইলৰ পিছত মাইল খোজ কাঢ়িছিলো।"[১]
- “জীৱনটো অলপ পৰ্বতাৰোহণৰ দৰেই – কেতিয়াও তললৈ নাচাব।”[১]
- "দ্বিতীয়বাৰ মাউণ্ট এভাৰেষ্ট কোনে বগাইছিল কোনেও মনত পেলাব পৰা নাই।"[১]
- এজন দক্ষ নেতা হ’বলৈ হ’লে চোকা বুদ্ধিমান হোৱাৰ প্ৰয়োজন নাই।[১]
- মানুহে অসাধাৰণ হোৱাৰ সিদ্ধান্ত নলয়। অসাধাৰণ কাম কৰাৰ সিদ্ধান্ত লয়।[১]
- বৈজ্ঞানিক কাৰণত কোনেও পাহাৰ বগাবলৈ নাযায়। অভিযানৰ বাবে ধন সংগ্ৰহৰ বাবে বিজ্ঞান ব্যৱহাৰ কৰা হয় যদিও বাস্তৱত মানুহে কেৱল ইয়াৰ মজাৰ বাবেই বগাবলৈ যায়।[২]
- মই দক্ষিণ মেৰুলৈ যাবলৈ বদ্ধপৰিকৰ , যদি ভগৱানে ইচ্ছা কৰে আৰু বাটৰ ফাটবোৰ অনুকূল হয়।[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ Ace the Himalaya https://www.acethehimalaya.com Inspirational Quotes by Sir Edmund Hillary
- ↑ As quoted in Wise Guys : Brilliant Thoughts and Big Talk from Real Men (2005) by Allan Zullo, p. 5
- ↑ Comment (28 December 1957) eight days before he reached the South Pole as part of the Commonwealth Trans-Antarctic Expedition, as quoted in news summaries (5 January 1958)
