এঞ্জেলিক কিদজো
অৱয়ব

এঞ্জেলিক কিদজো (জন্ম: ১৪ জুলাই ১৯৬০) এগৰাকী বেনিনীয় গায়িকা-গীতিকাৰ, অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ নিজৰ বৈচিত্ৰ্যময় সংগীত শৈলী আৰু সৃষ্টিশীল মিউজিক ভিডিঅ'ৰ বাবে পৰিচিত। কিদজোৰ জন্ম এটা শিল্পী পৰিয়ালত হৈছিল; তেওঁৰ পিতৃ এজন সংগীতজ্ঞ আছিল আৰু মাতৃ এগৰাকী কৰিঅ'গ্ৰাফাৰ তথা নাট্য পৰিচালিকা আছিল। কিদজোৱে এতিয়ালৈকে পাঁচটাকৈ গ্ৰেমী বঁটা লাভ কৰিছে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আপোনাৰ মগজুৱেই হ'ল আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। ইয়াক আপোনাৰ হৃদয়ৰ সৈতে সংযোগ কৰক, আৰু আপুনি যিকোনো ঠাইলৈ যাব পাৰিব।
- মই কেৱল এজন ব্যক্তি এজন মহান সংগীতজ্ঞ বুলিয়েই তেওঁক কামত নলগাওঁ। মই তেনে লোকৰ সৈতে কাম কৰোঁ যাৰ সংগীতৰ প্ৰতি মোৰ দৰেই অনুভৱ আছে আৰু যিয়ে মই সেই সময়ত ক'ব বিচৰা বিষয়টো অনুভৱ কৰিব পাৰে।
- যেতিয়া ল'ৰা-ছোৱালীয়ে— আৰু বিশেষকৈ ছোৱালীবোৰে— শিক্ষাৰ সুযোগ পায়, তেতিয়া সকলোৰে জয় হয়। এগৰাকী শিক্ষিত ছোৱালীয়ে নিজৰ ব্যক্তিগত উপাৰ্জনৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে নিজকে এটা ফলপ্ৰসূ আৰু সন্তোষজনক জীৱনৰ বাবে সাজু কৰি তুলিব পাৰে, যাৰ ফলত সমগ্ৰ সমাজৰ পৰা দৰিদ্ৰতা হ্ৰাস পায়। ছোৱালীৰ শিক্ষাত বিনিয়োগ কৰিলে বাল্যবিবাহ আৰু কম বয়সত মাতৃত্ব ৰোধ কৰাত সহায়ক হয়। আফ্ৰিকাৰ বৰ্ধিত অৰ্থনীতিৰ উন্নতি আৰু স্থায়িত্বৰ বাবে আমাক অধিক মহিলা অভিযন্তা, শিক্ষক আৰু চিকিৎসকৰ প্ৰয়োজন।
- মই বেনিনৰ সেই বৈচিত্ৰ্য আৰু সমৃদ্ধিৰ পৰা আহিছোঁ য’ত ৫০ টা বিভিন্ন ভাষা আছে। মই তাৰে চাৰিটা ভাষা ক'ব পাৰোঁ। যেতিয়া মই গান এটা লিখিবলৈ আৰম্ভ কৰোঁ, তেতিয়া মই আগতীয়াকৈ নাজানো যে কোনটো ভাষা মনলৈ আহিব। গানটোৱে নিজেই মোক ভাষাৰ দিশলৈ লৈ যায়।
- আচলতে কথাটো হ’ল মই গান গাবলৈ ভাল পাওঁ। মই আফ্ৰিকাক বিশ্বৰ ওচৰলৈ লৈ যাব বিচাৰো। আফ্ৰিকাৰ সেই সৌন্দৰ্য্যখিনি— কেৱল তেনে সংগীত নহয় যিবোৰ মানুহে দেখি বা শুনি সন্তুষ্টি লাভ কৰে।
- আমি আফ্ৰিকানসকলে আমাৰ সমস্যাবোৰ নিজেই সমাধান কৰিবলৈ সক্ষম হ'ব লাগিব। বাহিৰৰ পৰা অহা সহায় ঠিক আছে, কিন্তু আমি আমাৰ নিজৰ মনোভাৱৰ বাবে দায়িত্ব ল’বলৈ শিকিব লাগিব।
- মই যি দক্ষিণ বেনিনৰ পৰা আহিছোঁ তাত সংগীতৰ সমন্বয়ৰ (harmony) পৰম্পৰা কম। উত্তৰ অংশত ইয়াৰ প্ৰচলন বেছি, কিন্তু দক্ষিণত অধিক লয় (rhythms) আছে যিবোৰ অতি আচৰিত আৰু মানুহে সেইবোৰ নাজানে। তাৰ এটা গাওঁ বিশেষভাৱে ঢোলৰ বাবে উৎসৰ্গিত। তালৈ গৈ আপুনি নিজৰ পছন্দৰ গছ বাছি লৈ কাটিব পাৰে আৰু তাৰ পৰাই আপোনাৰ বাদ্যযন্ত্ৰ তৈয়াৰ কৰিব পাৰে। মোৰ বাবে প্ৰত্যাহ্বানটো হ’ল সেই লয়বোৰে প্ৰদান কৰা সমন্বয়বোৰ সংযোজন কৰা।