সমললৈ যাওক

উৰণীয়া হাঁহৰ মাত

ৱিকিউদ্ধৃতিৰ পৰা

উৰণীয়া হাঁহৰ মাত ড০ হীৰেন গোহাঁইৰ প্ৰকৃতি সংৰক্ষণ আৰু সজাগতা বিষয়ক এখন গ্ৰন্থ৷ গ্ৰন্থখনৰ ১৯৯৮ চনত বুক হাইভ প্ৰকাশনৰপৰা প্ৰথম প্ৰকাশ হৈছিল৷ গুৱাহাটীৰ জ্য‍োতি প্ৰকাশনে ২০১০ চনত দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে৷

  1. "ছপা মাধ্যমত পৰিবেশ আৰু বন্যপ্ৰাণী সম্পৰ্কে অজস্ৰ প্ৰবন্ধ-পাতি আৰু চিঠি‍-পত্ৰ ওলায়৷ অৱশ্য‍ে টি‍-ভিত এনে সম্প্ৰচাৰ তাকৰ৷ বোধহয় নাঙঠ জন্তুতকৈ নাঙঠ মানুহৰ দৃশ্যই দৰ্শকক বেছি তৃপ্তি দিয়া বাবে৷"[]
  2. "... বাৰিষা কালছোৱা প্ৰকৃতিৰ বিধানত বহু জীৱ-জন্তুৰ বংশবৃদ্ধিৰো সময়৷ সেইপিনৰ পৰা বাৰিষাকাল যেন বসন্তৰ পৰিণতি‍৷"[]
  3. "ইতিমধ্য‍ে ভাষাৰ যাদুখেল খেলি জনমানসত নিজকে ৰুচিৱান, নিৰ্ল‍োভ আৰু বিবেকৱান বুলি প্ৰতিষ্ঠা কৰা বুদ্ধিজীৱী কিছুমানৰ হিংসা আৰু ঈৰ্ষাৰ কেতবোৰ চতুৰ অভিব্যক্তিয়ে দাৰ্শনিক বিড়ালীলৈ মনত পেলায়৷"[]
  1. গোঁহাই, হীৰেন (ডিচেম্বৰ, ২০১০)। উৰণীয়া হাঁহৰ মাত। জ্য‍োতি প্ৰকাশন, গুৱাহাটী -১, অসম, পৃষ্ঠা:দ্বিতীয় সংস্কৰণৰ পাতনি‍।
  2. গোঁহাই, হীৰেন (ডিচেম্বৰ, ২০১০)। উৰণীয়া হাঁহৰ মাত। জ্য‍োতি প্ৰকাশন, গুৱাহাটী -১, অসম, পৃষ্ঠা:২৩।
  3. গোঁহাই, হীৰেন (ডিচেম্বৰ, ২০১০)। উৰণীয়া হাঁহৰ মাত। জ্য‍োতি প্ৰকাশন, গুৱাহাটী -১, অসম, পৃষ্ঠা:৩৩।