ঈৰ্ষা
অৱয়ব
ঈৰ্ষা এক আৱেগ আৰু ই সাধাৰণতে ব্যক্তিজনে মূল্য দিয়া কিবা এটা বিষয়, যেনে সম্পৰ্ক, বন্ধুত্ব বা প্ৰেমৰ প্ৰত্যাশিত ক্ষতিৰ বাবে নিৰাপত্তাহীনতা, ভয় আৰু উদ্বেগৰ নেতিবাচক চিন্তা আৰু অনুভৱক বুজায়। ঈৰ্ষা প্ৰায়ে খং, দুখ, বিতৃষ্ণা আদি আৱেগৰ সংমিশ্ৰণেৰে গঠিত। ইয়াক হিংসাৰ লগত বিভ্ৰান্ত কৰিব নালাগে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- জুয়ে শুকান খৰি পুৰি ছাই কৰাৰ দৰে ঈৰ্ষায়ো সকলো ভাল কাম নষ্ট কৰি পেলায়।(হজৰত মহম্মদ)[১]
- মানুহে প্ৰেমক অন্ধ বুলি কয়, কিন্তু প্ৰেম নহয় আচলতে ঈৰ্ষাহে অন্ধ।(লৰেন্স ডাৰেল)[১]
- পোকে কোট-চোলা নষ্ট কৰাৰ লেখীয়াকৈ ঈৰ্ষায়ো মানুহৰ জীৱন শেষ কৰে। (চেণ্ট ক্ৰাইচষ্টম)[১]
- প্ৰেম বুলি কোনো বস্তু নাই, আছে বিভিন্ন প্ৰকাৰৰ ঈৰ্ষা- বিষণ্ণ ঈৰ্ষা। (ডব্লিউ এইচ অ’ডেন)[১]
- আনৰ ঈৰ্ষাৰ পাত্ৰ হ’ব পৰাটো হ’ল কৃতকাৰ্য হোৱাৰ এটা প্ৰধান লক্ষণ। এই কথা ঠিক জানিবা যে, যি মানুহে তোমাক ঈৰ্ষা কৰে তেওঁ তোমাক কেতিয়াও পাহৰিব নোৱাৰে। (জোছেফ ফন ষ্টাৰ্ণবাৰ্ণ)[১]
- ঈৰ্ষা। যিজনে অনুভৱ কৰা নাই তেওঁ জানিব নোৱাৰে যে ইয়াৰ কিমান কষ্ট হয়, বা ইয়াৰ নামত সংঘটিত উন্মাদনা কল্পনা কৰিব নোৱাৰে।[২]
- প্ৰেম মৃত্যুৰ দৰে শক্তিশালী; ঈৰ্ষা কবৰৰ দৰে নিষ্ঠুৰ।[৩]
- খং নিষ্ঠুৰ আৰু ক্ৰোধে ধ্বংস কৰে, কিন্তু ঈৰ্ষাৰ আগত কোনে থিয় দিব পাৰে?[৪]
- তোমাৰ হৃদয়ৰ ওপৰত মোক মোহৰৰ দৰে ৰাখা, তোমাৰ বাহুত ছীলৰ দৰে; কিয়নো প্ৰেম মৃত্যুৰ দৰে শক্তিশালী, ইয়াৰ ঈৰ্ষা কবৰৰ দৰে অনমনীয়। জ্বলি থাকে জ্বলি থকা জুইৰ দৰে, প্ৰচণ্ড শিখাৰ দৰে।[৫]
- আনৰ সাফল্যৰ পৰা উদ্ভৱ হোৱা ঈৰ্ষা নিজৰ আৰু আনৰ কৃতিত্বৰ প্ৰতি সচেতনতা আৰু প্ৰশংসাৰ ভাব গঢ়ি তুলিলে জয় কৰিব পাৰি।(দালাই লামা)[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৪৬। ISBN: 81-7206-117-5।
- ↑ Isabel Allende Portrait in Sepia (২০০০)
- ↑ The song of solomon viii 6. আহৰণ কৰা হৈছে: 6 জুলাই 2025.
- ↑ Proverbs 27:4, en: The Bible
- ↑ Song of Songs 8:6, en:The Bible
- ↑ The Dalai Lama in Harvard, page 174.