ইমানুৱেল কাণ্ট
অৱয়ব

ইমানুৱেল কাণ্ট ( ২২ এপ্ৰিল১৭২৪-১২ফেব্ৰুৱাৰি ১৮০৪) এজন জাৰ্মান দাৰ্শনিক আছিল। তেওঁক আধুনিক ইউৰোপৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ বুলি অভিহিত কৰা হয়।
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ঈশ্বৰৰ সৈতে কথা ক’ব বিচৰা ইচ্ছা এটা অযৌক্তিক কথা। আমি যাক বুজি নাপাওঁ, তাৰ সৈতে কথা পাতিব নোৱাৰো — আৰু আমি ঈশ্বৰক বুজিব নোৱাৰো; আমি কেৱল তেওঁত বিশ্বাস কৰিব পাৰো।
- — ১৭৭৫ চনত কেনিগছবাৰ্গত দিয়া বক্তৃতা; উদ্ধৃত: A New Dictionary of Quotations on Historical Principles from Ancient and Modern Sources (১৯৪৬), H. L. Mencken, পৃষ্ঠা ৯৫৫

ধৰ্ম ইয়াৰ অনুসাৰীসকলৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ বিষয়, সেয়েহে ইয়াক উপহাসৰ বিষয় কৰা উচিত নহয়। যদি তেওঁলোকে কেতিয়াবা অযৌক্তিকতা দেখুৱায়, তেন্তে তেওঁলোকক উপহাস কৰাৰ পৰিৱৰ্তে দয়া কৰা উচিত।
- — ১৭৭৫ চনত কেনিগছবাৰ্গত দিয়া বক্তৃতা; উদ্ধৃত: A New Dictionary of Quotations on Historical Principles from Ancient and Modern Sources (১৯৪৬), H. L. Mencken, পৃষ্ঠা 1017



- মিছা কথাৰে এজন মানুহে নিজৰ মানৱীয় মৰ্যাদা লঘূ কৰাই নহয়, তেওঁ তাক সম্পূৰ্ণ ৰূপে ধ্বংস কৰি পেলায়। যিজনে নিজেই নিজৰ কথাত বিশ্বাস নকৰে, তেওঁৰ মূল্য এটা সাধাৰণ বস্তুতকৈও কম; কিয়নো তেওঁ নিজকে মানুহ হিচাপে নহয়, বৰং মানুহৰ এটা প্ৰতাৰণামূলক প্ৰতিচ্ছবি হিচাপে পৰিণত কৰে।
— Doctrine of Virtue (Mary J. Gregorৰ অনুবাদ, ১৯৬৪), পৃষ্ঠা ৯৩
- শৰীৰটো এটা মন্দিৰ।
- কনিগ্সবাৰ্গত দিয়া এটা বক্তৃতা (১৭৭৫), যিটো A New Dictionary of Quotations on Historical Principles from Ancient and Modern Sources (১৯৪৬) গ্ৰন্থত H. L. Mencken-এ উদ্ধৃত কৰিছে, পৃষ্ঠা ১০৪৩
- মানুহে সঁচাকৈয়ে উপলব্ধি কৰিব নোৱাৰে যে—মানুহৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰোঁতে তেওঁলোকে দৰাচলতে ঈশ্বৰৰ আজ্ঞাকেই পালন কৰে; অৰ্থাৎ, তেওঁলোকৰ কাৰ্য নৈতিক হৈ থকা পৰ্যন্ত তেওঁলোক সদায় ঈশ্বৰৰ সেৱাত নিয়োজিত থাকে। ঈশ্বৰৰ সেৱা কৰাৰ আন কোনো উপায় নাই।
- German Thought, From The Seven Years' War To Goethe's Death: Six Lectures (১৮৮০) গ্ৰন্থত Kerl Hillebrandৰ দ্বাৰা উদ্ধৃত, পৃষ্ঠা ২০৭