ইছাবেল আদজানি
অৱয়ব

ইছাবেল আদজানি (জন্ম: ২৭ জুন ১৯৫৫) এগৰাকী ফৰাচী চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই এনে চিনেমা ভাল পাওঁ যিবোৰ স্মৃতিৰ কোণত ৰৈ যায়, সেয়েহে মই এনে চৰিত্ৰ বাছি ল’বলৈ চেষ্টা কৰোঁ যাৰ কোনো ধৰণৰ সামাজিক বা আৱেগিক শক্তি আছে। মোৰ বাবে অভিনেত্ৰী হোৱাটো কেৱল এটা পেছাই নহয়, বৰঞ্চ এটা বিশ্বাসৰ পেছা।[১]
- কোঁচ খোৱা মিহি বলিৰেখাবোৰ পূৰণ কৰিবলৈ মই হায়ালুৰনিক এচিডৰ এগৰাকী অনুগামী— অৱশ্যে সদায় কম মাত্ৰাত।[২]
- বাতৰিকাকতবোৰে কৈছিল, 'আপোনাৰ এইডছ হৈছে।' তেওঁলোকে আনকি মই মৃত বুলিও কৈছিল। যেতিয়া এই অপপ্ৰচাৰৰ ঢৌটো সঁচা অৰ্থত অসহ্য হৈ পৰিছিল, তেতিয়া নিজকে মই কেৱল কামৰ মাজত বিলীন কৰি দিছিলোঁ। মই ভাবো 'কেমিল' (চৰিত্ৰটোৱে) মোক ৰক্ষা কৰিলে। মই কেমিলৰ দৰেই অতিমাত্ৰা শংকিত অনুভৱ কৰিছিলোঁ। আৰু আপুনি জানেনে? কেমিলৰ দৃশ্যবোৰ কৰোঁতে মই সেই আৱেগটো ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। ই দৃশ্যবোৰ অধিক উন্নত কৰি তুলিছিল।[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Joyeux Anniversaire Isabelle Adjani.
- ↑ ইছাবেল আদজানি: ধাৰাবাহিক প্লাষ্টিক চাৰ্জাৰীৰ দাবীসমূহ, ১৬ জুন ২০১১।
- ↑ ইছাবেল আদজানিৰ ‘পিছত লগা’, ৬ জানুৱাৰী ১৯৯০।