সমললৈ যাওক

আৰ্থাৰ এশ্বে (টেনিছ খেলুৱৈ)

ৱিকিউদ্ধৃতিৰ পৰা
আমাৰ বন্ধু হ’ব বিচৰা আৰু আমাৰ শত্ৰু হ’ব বিচৰা উভয়কে বন্ধুত্বৰ হাত আগবঢ়াব লাগিব। শিক্ষাৰ শক্তিক আমি বিশ্বাস কৰিব লাগিব।

আৰ্থাৰ ৰবাৰ্ট এশ্বে জুনিয়ৰ (ইংৰাজী: Arthur Robert Ashe, Jr. ; জন্ম: ১০ জুলাই ১৯৪৩ – মৃত্যু: ৬ ফেব্ৰুৱাৰী ১৯৯৩) এজন বিশিষ্ট আফ্ৰিকান আমেৰিকান টেনিছ খেলুৱৈৰ লগতে তেওঁ এজন এইডছ কৰ্মীও আছিল।

  • সফলতা এটা যাত্ৰা, গন্তব্যস্থান নহয়। প্ৰায়ে ফলাফলতকৈ ইয়াক লাভ কৰাৰ প্ৰক্ৰিয়াটোৱেই বেছি গুৰুত্বপূৰ্ণ।[][]
  • আমি যি পাওঁ তাৰ ওপৰত জীয়াই থাকিব পাৰো; কিন্তু আমি যি দিওঁ, সেইটোৱেই আমাৰ জীৱনটো গঢ়ি তোলে।[]
  • আদৰ্শ মনোভাৱ হ’ল শাৰীৰিকভাৱে শিথিল আৰু মানসিকভাৱে কেন্দ্ৰীভূত হোৱা।[]
  • প্ৰকৃত বীৰত্ব অতি সংযত আৰু সম্পূৰ্ণ অনাড়ম্বৰ। যিকোনো মূল্যৰ বিনিময়ত আনক অতিক্ৰম কৰাৰ ইচ্ছা নহয়, যিকোনো মূল্যৰ বিনিময়ত আনৰ সেৱা কৰাৰ ইচ্ছাহে।
- বব কেলিৰ ৱৰ্থ ৰিপিটিং : ম'ৰ থেন ৫,০০০ ক্লাছিক এণ্ড কন্টেম্পৰেৰী কোটছ (২০০৩)ত উদ্ধৃত কৰা অনুসৰি, পৃ. ১৬৯
  • আপুনি য’ত আছে তাতেই আৰম্ভ কৰক। যি আছে তাক ব্যৱহাৰ কৰক। যি কৰিব পাৰে তাকেই কৰক।[][]
  • বিশ্বাস উপাৰ্জন কৰিব লাগিব, আৰু সেয়া কিছু সময়ৰ গতিৰ পিছতহে আহিব লাগে।[][]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ Arthur Ashe Quotes. আহৰণ কৰা হৈছে: 11 এপ্ৰিল 2026.
  2. “Success Is a Journey, Not a Destination…”. আহৰণ কৰা হৈছে: 12 এপ্ৰিল 2026.
  3. “Start where you are, use what you have, do what you can”. আহৰণ কৰা হৈছে: 12 এপ্ৰিল 2026.
  4. Trust Has to Be Earned, and Should Come Only After the Passage of Time.. আহৰণ কৰা হৈছে: 12 এপ্ৰিল 2026.