আলেকজেণ্ডাৰ গ্ৰেহাম বেল
অৱয়ব

আলেকজেণ্ডাৰ গ্ৰেহাম বেল (ইংৰাজী: Alexander Graham Bell ; জন্ম:৩ মাৰ্চ ১৮৪৭ – মৃত্যু: ২ আগষ্ট ১৯২২) স্কটিছত জন্মগ্ৰহণ কৰা এজন উদ্ভাৱক, বিজ্ঞানী আৰু অভিযন্তা আছিল যিয়ে প্ৰথম ব্যৱহাৰিক টেলিফোন উদ্ভাৱন আৰু পেটেণ্টৰ কৃতিত্ব লাভ কৰে। ১৮৮৫ চনত তেওঁ আমেৰিকান টেলিফোন এণ্ড টেলিগ্ৰাফ কোম্পানী (AT&T)ৰ সহ-প্ৰতিষ্ঠাপক আছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যিজন ব্যক্তিয়ে অনবৰতে নিৰীক্ষণ কৰে, যি দেখিছে তাক মনত ৰাখে আৰু নিজৰ বস্তুবোৰৰ "কেনেকৈ" আৰু "কিয়"ৰ উত্তৰ অহৰহ বিচাৰি থাকে, তেওঁৰ মানসিক দুৰ্বলতা থাকিব নোৱাৰে।
- - মৃত্যুৰ কেইমাহমান আগতে এজন সাংবাদিকক দিয়া বক্তব্য, যিটো "আলেকজেণ্ডাৰ গ্ৰেহাম বেল ফেমিলি পেপাৰ এট দ্যা লাইব্ৰেৰী অৱ কংগ্ৰেছ"ৰ উদ্ধৃতি।
- সন্ধিয়া প্ৰায় ন-দহ বজাত কাম আৰম্ভ কৰি ৰাতিপুৱা চাৰি-পাঁচ বজালৈকে কাম কৰি যাওঁ। ৰাতিৰ সময় কামৰ বাবে অধিক নিস্তব্ধ সময়। ই মোক চিন্তা কৰাত সহায় কৰে।
- - "অৰিছন চুৱেট মাৰ্ডেন"ৰ "হাউ ডে চাক্সিড" (১৯০১)ত প্ৰকাশিত বেলৰ সৈতে হোৱা সাক্ষাৎকাৰ।
- এটা দুৱাৰ বন্ধ হ’লে আন এখন দুৱাৰ খোল খায়; কিন্তু আমি প্ৰায়ে বন্ধ দুৱাৰখনলৈ ইমান সময় আৰু ইমানেই অনুশোচনা কৰি চাওঁ যে আমাৰ বাবে খোলা দুৱাৰখন দেখা নাপাওঁ।
- কোনো ব্যক্তি যদি কোনো বান্ধোনত বান্ধ খাই নাথাকে তেন্তে তেওঁৰ সফলতা নিশ্চিত।
- - অৰিছন চুৱেট মাৰ্ডেনৰ "হাউ ডে চাক্সিড" (১৯০১)ত প্ৰকাশিত বেলৰ সৈতে হোৱা সাক্ষাৎকাৰ।
- সাধাৰণতে এজন ব্যক্তিয়ে যি হ’ব, তাৰ বাবে তেওঁৰ জন্মগত গুণৰ অৱদান অতি কম — আচলতে এজন ব্যক্তিয়ে নিজকে যি ৰূপত বিকশিত কৰে ঠিক সেইটোৱেই হৈ পৰে।
- - অৰিছন চুৱেট মাৰ্ডেনৰ "হাউ ডে চাক্সিড" (১৯০১)ত প্ৰকাশিত বেলৰ সৈতে হোৱা সাক্ষাৎকাৰ।