সমললৈ যাওক

আন এজন (কবিতা সংকলন)

ৱিকিউদ্ধৃতিৰ পৰা

আন এজন হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত তৃতীয়খন কবিতা সংকলন৷ ১৯৮৬ চনৰ আগষ্ট মাহত গুৱাহাটীৰ বৰুৱা এজেঞ্চীয়ে গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে। গ্ৰন্থখনে ১৯৮৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। দ্বিতীয় সংস্কৰণৰ প্ৰকাশক আছিল লয়াৰ্ছ বুক ষ্টল। ২০২৪ চনৰ নৱেম্বৰ মাহত আঁক-বাক প্ৰকাশনে গ্ৰন্থখনৰ তৃতীয় সংস্কৰণ প্ৰকাশ কৰি উলিয়ায়।

  1. "আইনাত দেখা এই মানুহজনেই মই নেকি?
    কেঁচা-পকা চুলি, দীঘল খুঁতৰি, কোঁচখোৱা চেলাউৰি, কপালত কেইবাডালো সৰল ৰেখাৰে এইজনেই জানো সেইজন,
    যিজন মোৰ একান্ত নিজৰ।"[]
  1. "মগজুত কিহৰ সন্নিপাত !
    টোপনি নাহে। যেন পাঁচ হাজাৰ
    কামানৰ মাত।"[]
  1. "বাৰিষাৰ নদীৰ দৰে ফেনে-ফোটোকাৰে
    ওফন্দি অহা তোমাৰ অতল আৱেগৰ গভীৰতা
    সেয়েই হয়তো সঠিককৈ জুখিব নোৱাৰাঁ।"[]
  1. "তেওঁলোকৰ হাতৰ যাদুদণ্ডত
    তোমালোকৰ যন্ত্ৰণাবোৰ
    স্বৰ্গৰাজ্যৰ অমৃত-ফল হৈ ফুলিছে
    তোমালোকৰ খাদ্যনলীত সেইবোৰ
    যদিও ফুটুকাৰ ফেন হৈ গলিছে"[]
  2. "যেতিয়া সকলো উভতি আহে
    সিহঁতৰ দেহবোৰত যেন যুদ্ধজয়ৰ ক্লান্তি।
    সকলোৱে নিজৰ ঘৰৰ ভিতৰত আশ্ৰয় লয়।"[]
  1. হৰেকৃষ্ণ ডেকা (২০২৪)। আন এজন। আঁক-বাক, পৃষ্ঠা:১১।
  2. হৰেকৃষ্ণ ডেকা (২০২৪)। আন এজন। আঁক-বাক, পৃষ্ঠা:২০।
  3. হৰেকৃষ্ণ ডেকা (২০২৪)। আন এজন। আঁক-বাক, পৃষ্ঠা:৩৫।
  4. হৰেকৃষ্ণ ডেকা (২০২৪)। আন এজন। আঁক-বাক, পৃষ্ঠা:৪৭।
  5. হৰেকৃষ্ণ ডেকা (২০২৪)। আন এজন। আঁক-বাক, পৃষ্ঠা:৬০।