সমললৈ যাওক

অৱনীন্দ্ৰনাথ ঠাকুৰ

ৱিকিউদ্ধৃতিৰ পৰা
অৱনীন্দ্ৰনাথ ঠাকুৰ

অৱনীন্দ্ৰনাথ ঠাকুৰ (৭ আগষ্ট, ১৮৭১ - ৫ ডিচেম্বৰ, ১৯৫১) আধুনিক ভাৰতীয় চিত্ৰকলাৰ প্ৰাণ পুৰুষ তথা ইণ্ডিয়ান ছ’চাইটি অৱ অৰিয়েণ্টেল আৰ্টৰ প্ৰতিষ্ঠাপক। ১৯০৭ খৃষ্টাব্দত তেওঁ বেংগল স্কুল অৱ আৰ্ট প্ৰতিষ্ঠা কৰিছিল।

  1. আমাৰ শিক্ষাৰ্থীসকলৰ ভিতৰত দুই-এজনহে সংস্কৃতি সম্পন্ন ছাত্ৰ আছে। যথাৰ্থ উৎকৃষ্ট চিত্ৰ অংকন কৰিব লাগিলে শিল্পকলাৰ ছাত্ৰ‌ই নিজৰ দেশৰ প্ৰাচীন কাহিনীবোৰ জানিব লাগিব। সেইবোৰৰ ধৰ্মীয় আৰু সামাজিক তাৎপৰ্য সম্বন্ধে জ্ঞান থাকিব লাগিব। ভাৰতবৰ্ষৰ লোককথা আৰু সাহিত্য‌ও জানিব লাগিব— প্ৰাচীন ভাৰতবৰ্ষৰ সু-উন্নত মানুহৰ আংগিক-চৰিত্ৰ জনা নেথাকিলে শিক্ষাৰ্থী শিল্পীৰ চিত্ৰ উন্নত পৰ্যায় গৈ পাব নোৱাৰে।[]
  • ম‌ই নিজকে অৱনীন্দ্ৰনাথৰ শিষ্য বুলি ক’লে সঁচা কথা কোৱা হয়। কিন্তু বহুতো কথা ক’বলৈ বাকী থাকে। ম‌ই যিয়ে নহ‌ওঁ, ম‌ই জানো, তেওঁৰে ম‌ই এটা সৃষ্টি মাত্ৰ। শিল্পকলাৰ পৃথিৱীত তেওঁ মোক সৃষ্টি কৰিছে, এই দিশত ম‌ই তেওঁৰ সন্তান সদৃশ। আমি মানি ল’ব লাগিব, গুৰুৱে শিক্ষাদানত নিজৰ আংগিক কলাকৌশলৰ দ্বাৰাই যিমান মোহ জন্মাব পাৰিব তাতকৈ অধিক সক্ষম হ’ব তেওঁৰ লক্ষ্য দিগ্‌দৰ্শনৰ দ্বাৰা। যথাৰ্থ গুৰু ব্যক্তিয়ে কেতিয়াও নিজৰ শিষ্যৰ ওপৰত নিজক জাপি নিদিয়ে; শিষ্যৰ নিজৰ সামৰ্থ্য বা প্ৰতিভাক নিজৰ পথত চালিত কৰি লক্ষ্য স্থানত গৈ পাবলৈ উদ্দীপনাহে যোগায়।
— নন্দলাল বসু[]
  1. ১.০ ১.১ শোভা ব্ৰহ্ম (২০১৩)। শিল্পকলাৰ নৱজন্ম। গুৱাহাটী। অৰুনোদই প্ৰকাশন। ISBN: 978-93-82330-04-2