সমললৈ যাওক

অৰুণোদই

ৱিকিউদ্ধৃতিৰ পৰা

অৰুণোদই অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰ। এই সংবাদ পত্ৰখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথম প্ৰকাশ পায়। অৰুণোদইৰ পাততে আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ দৰে বিখ্যাত অসমীয়া ব্যক্তি সাহিত্যিক ৰূপে ভূমুকি মাৰিছিল। মূলতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে এই সংবাদ পত্ৰ প্ৰকাশ কৰা হৈছিল যদিও গদ্য-পদ্য-ভূগোল-বুৰঞ্জী-নীতি কথা, দেশ-বিদেশৰ বতৰা, জীৱনী, কাহিনী আদি বিবিধ ৰচনা ইয়াত প্ৰকাশিত হৈছিল।

  1. “আকাসৰ সুন্যত থকা তৰা আটাইবোৰ আমাৰ পৰা সমান দুৰ ন হই। জি জি তৰা ওচৰ হই সেইবোৰ ডাঙ্গৰ জেন দেখি, জি জি দুৰ হই সেইবোৰ সৰু জেন দখি; আৰু চকুৰে মনিব নোআৰি, দুৰ্বিনেৰেহে দেখিব পাৰি, এনে লাখ লাখ তৰা আচে। আমাৰ ওচৰত থকা জি তৰাই সুৰ্জক ঘুৰি জাই, সেইবোৰ গ্ৰহ বোলে। কোন তৰা গ্ৰহ হই, তাক জানিবৰ নিমিতে বেলিএ বেলিএ চালে ঠিক পাই; গ্ৰহ হই জদি, তাৰ ঠাই লৰে, অন্য তৰা হলে ঠাই ন ৰলে। গ্ৰহ ৭ টা মাথোন আচে; বুধ, সুকুৰ, ভুগোল, মঙ্গল, ব্ৰিহস্পতি, সনি, হৰ্স্যেল। এই সকলো গ্ৰহে সুৰ্জক ঘুৰি জোআ পথ ওপৰৰ নক্‌চাত লিখা আচে। মাজত থাকে সুৰ্জ।’’(গ্ৰহৰ বিৱৰণ)[]
  2. প্ৰিথিবি ৰবাব টেঙ্গাৰ নিচিনা ঘুৰনিয়া। পুৰান আদিতে কই, প্ৰিথিবি আৰ্চিৰ নিচিনা; আৰু পুথি কৰা লোকে লিখে, জে প্ৰিথিবি চাৰি চুকিয়া, ও কোনোএ তিনি চুকিয়া বুলি কই। সেই সকল কথা প্ৰমান ন হই; কাৰন ইউৰপ দেসৰ জোতিসৰ পুথিত ও ব্ৰহ্ম সিদ্ধান্তত ও সুৰ্জ্য সিদ্ধান্তত ও সিদ্ধান্ত সিৰোমনিকে আদি কৰি পুথিবিলাকত প্ৰিথিবি ঘুৰনিয়া বুলি কৈচে। আৰু হিন্দুস্থানৰ ও ইউৰপৰ পণ্ডিতবিলাকে ওপৰে লিখা পুথি বিলাকক মিলাই মিলাই চাইচে; আৰু সেই পুথি প্ৰমানিক দেখি মান্য কৰে, ও তাৰে সকলোএ সিখ্যা পাই, আৰু জোতিস জনাবিলাকে পঞ্জিকা ও গ্ৰহনকে আদি কৰি আকাসৰ ভাবি ঘটনা নিচই কৰি দেখুআই। তাৰে প্ৰিথিবি ঘুৰনিয়া বুলি জনা জাই, কিন্তু অন্য আকাৰ প্ৰমানিক ন হই। (প্ৰিথিবিৰ আকাৰৰ বিসই)[]
  3. প্ৰিথিবি জে গোল আৰু সুৰ্জক ঘুৰে, গালিলিও নামে জি জন পণ্ডিতে এই কথা প্ৰমান দি থিৰ কৰিলে, সেই কথা প্ৰকাস কৰাৰ কাৰনে ৰুমিয়া ধৰমৰ ৰজাই তেওঁক ধৰিলে, আৰু ধৰমৰ বিৰোধে মিচা কথা সিকাইচে বুলি তেঁওক বন্দিসালত থৈ অনেক দুখ তাৰনা কৰিলে। (জাহাজ ভঙ্গা)[]
  1. অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদই এতিয়া নাই যদিও ইয়াৰ আদৰ্শই অসমৰ বাতৰি কাকতসমূহক দেশখনৰ শান্তি, ঐক্য আৰু প্ৰগতিৰ হকে আত্মনিয়োগ কৰিবলৈ প্ৰেৰণা দি আহিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত দেশখনৰ অন্যান্য প্ৰান্তৰ সৈতে খোজ মিলাই অসমৰ পৰা প্ৰকাশ পোৱা ‘অসমীয়া’, ‘আসাম বিলাসিনী’, ‘আসাম সেৱক’, ‘দেশব্ৰত’, ‘জনশক্তি’ আদি কাকতে জাতীয়তাবোধেৰে দেশবাসীক উদ্বুদ্ধ কৰিছিল।-ন্যায়াধীশ আৰ এছ ছাৰকাৰিয়া।[]
  2. বিট্ৰিছ শাসনকালত অসমীয়া ভাষা যেতিয়া গভীৰ সংকটত পৰিছিল, তেনে সময়ত ভাষাটোক নিচিহ্ন কৰাৰ ষড়যন্ত্ৰৰ মুখৰ প্ৰাচীৰ হিচাপে থিয় দিছিল অৰণোদয়ে।- জয়ন্ত বৰুৱা[]
  1. ১.০ ১.১ ১.২ অৰুণোদই সম্বাদপত্ৰ. আহৰণ কৰা হৈছে: 19 জুলাই 2025.
  2. ঐতিহ্যময় অসমীয়া কাকত-আলোচনী...... আহৰণ কৰা হৈছে: 19 জুলাই 2025.
  3. ব্ৰহ্মপুত্ৰ ঐতিহ্যকেন্দ্ৰত অৰুণোদইৰ প্ৰদৰ্শন. আহৰণ কৰা হৈছে: 19 জুলাই 2025.