অসমীয়া ভাষা আৰু সংস্কৃতি
অৱয়ব
অসমীয়া ভাষা আৰু সংস্কৃতি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই লিখা অসমীয়া ভাষা সাহিত্য সংস্কৃতি বিষয়ক কেইটামান প্ৰবন্ধ। প্ৰৱন্ধসমূহ আৱাহন, বৰদৈচিলা, ৰামধেনু, অসম সাহিত্য-সভা পত্ৰিকা, নতুন অসমীয়া আদি কাকত-আলোচনীৰ পৰা সংগ্ৰহ কৰি পুথি হিচাপে সঙ্কলন কৰি প্ৰকাশ কৰে লয়াৰ্ছ বুক ষ্টলৰ শ্ৰীবিচিত্ৰনাৰায়ণ দত্ত বৰুৱাই।
উদ্ধৃতি সমুহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সকলো জাতিৰ ধৰ্ম্ম-কৰ্ম্ম, ধ্যান-ধাৰণা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, শিল্প-সাহিত্য, সমাজ-ব্যৱস্থা, দেহৰ গঠন, ভৌগলিক ব্যৱস্থাৰ ওপৰত ভালেখিনি নিৰ্ভৰ কৰে। অতুল সৌন্দৰ্য্য-মণ্ডিত বিস্ময়-বিজড়িত অত্যুচ্চ হিমালয় পৰ্ব্বতৰাজিয়ে বৈদিক ধৰ্ম্ম আৰু, সাহিত্যৰ সৃষ্টিত বিশেষভাৱে প্ৰেৰণা যোগাইছিল। সেইদৰে বহল লুইতৰ পাৰ, শ্যামল পৰ্ব্বতমালা, চকু জৰোৱা ধাননি পথাৰে সৰ্ব্বভাৰতীয় পটভূমিত অসমীয়া জাতিৰ সুকীয়া বৈশিষ্ট্য গঢ়িবলৈ সমৰ্থ হৈছে। কেৱল আমাৰ জাতীয় কানন-কবিতাসমূহেই নহয়, পুৰণি সাধুকথা, প্ৰবচন, লোক-গীত, কিম্বদন্তি—এই সকলোৰেই জন্মনীড় হৈছে অসমৰ প্ৰকৃতি আৰু ভূগোল।[১]
- যোগিনী-তন্ত্ৰত অসমত নিৰামিষ আহাৰ আৰু সন্ন্যাস ধৰ্ম্ম নিষেধ বলি কোৱা হৈছে। আমাৰ অসমৰ ব্ৰাহ্মণ, বৈষ্ণৱ সকলো সম্প্ৰদায়ৰ মাজত মাছ- মাংসৰ প্ৰচলন আছে। গুৰু চৰিত পুথিত মহাপুৰুষ শঙ্কৰদেৱে আৰু মাধৱদেৱে মাছ-পুঠীৰ সুচল ঠাইতহে সত্ৰ স্থাপন কৰিছিল বুলি কোৱা হৈছে।[২]
- জাতীয় সংস্কৃতি এদিনতে গঢ়ি নুঠে। যুগ যুগ ধৰি জাতিৰ যি জীৱন মন্দাকিনী বৈ গৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে জাতিৰ সংস্কৃতিয়ে স্বকীয় ৰূপ লয়। প্ৰাচীন কালৰেপৰা যিবোৰ ক্ৰিয়া-কাৰ্য্য, অনুষ্ঠান-উৎসৱৰ মাজেদি অসমীয়াৰ জীৱন-যাত্ৰা আৰম্ভ হৈছে, সেই সকলোবোৰৰ সঙ্গমতহে জাতীয় সংস্কৃতিৰ জন্ম। বিহু গীতসমূহত অসমীয়া জীৱনৰ বাস্তৱ আৰু চলন্ত ইতিহাস সংৰক্ষিত হৈছে।[৩]
- মাকে যতনেৰে সন্তানক পালন কৰাৰ দৰে নদীৰ পানীয়েও অসমীয়া মানুহক যুগ যুগ ধৰি জীৱন ধাৰণত সহায় কৰি আহিছে। সেই কাৰণে নিজ দেশৰ সৰু বৰ প্ৰত্যেক নদ-নদী, জান-জুৰিৰ প্ৰবাহ, গতি-বিধিৰ লগত অসমীয়াৰ ঘনিষ্ঠ পৰিচয়।[৪]
- সাধাৰণতে জীৱন্ত ভাষাক বোৱতী নদীৰ লগত তুলনা কৰা হয়। বিভিন্ন ফালৰপৰা বাগৰি অহা বাৰিধাৰাৰ সংযোগত সাগৰ অভিমুখে বৈ যোৱা নদী যেনেকৈ শক্তিশালী হয়, সেইদৰে অষ্ট্ৰিক, তিব্বত, বৰ্ম্মী ভাষাৰ সম্মেলনত অসমীয়াৰ ভাষাৰ দিনক দিনে ঐশ্বৰ্য্য আৰু বৈচিত্ৰ্য বাঢ়িছে।[৫]
- কিন্তু সাহিত্যৰ ভাষাই জাতিৰ সম্পূৰ্ণ ভাষা নহয়। মানুহৰ মুখৰ ভাষা, উপভাষা, সকলো মিলিহে জাতীয় ভাষা সম্পূৰ্ণ হয়।[৬]
- কিয়নো ভাষাই জীৱন ধাৰণ কৰে সাধাৰণ মানুহৰ মুখত; মানহৰ প্ৰয়োজন অনুসৰি মুখৰ কথাই গঢ় সলালে ভাষাৰ পৰিৱৰ্ত্তন অৱশ্যম্ভাবী।[৭]
- অসমীয়া তিৰোতাৰ ৰাজ্য-শাসনৰ দক্ষতা আৰু সমৰ-নিপুণতাৰ পুনৰাবৃত্তি নিষ্প্ৰয়োজন—যদিও কোচৰ লগত সন্ধিৰ প্ৰস্তাৱত খোৰাৰজাই তিনিজনা গোহাঁইৰ পুতেকক কোচৰজাত জোগাবলৈ দিহা কৰা প্ৰসঙ্গত নাংবক্ল গাভৰুৱে যি কথা কৈছিল সেই কথাৰ স্মৰণে অসমীয়া নাৰীক চিৰকাল উদ্দীপ্ত কৰিব। দেওধাই অসম বুৰঞ্জীত আছে—
- পাচে দিহিঙ্গীয়া ৰজাদেৱৰ জীয়েক, খোৰাৰজাদেৱৰ পেহীয়েক, বৰগোঁহাইৰ ঘৈণী, নাংবক্ল গাভৰুয়ে পুতেকৰ লগত আহি বুলিলে, – “মোৰ পোক ভাটি ৰাজ্যলৈ কেলৈ দিম, নিদিওঁ? কোঁচতে যে ৰণ হাৰিলি ৰজানো কি? ডা-ডাঙৰীয়ানো কি?” গিৰিয়েকক বোলে, – “তুমিনো কিহৰ বৰগোহাঁই? ভাল, তহ'তে যে ৰণত হাৰিলি, মই যুদ্ধ কৰি চাওঁ। তহঁতৰ টুপী, চোলা, কুন্ বিন্, কুনখা মঞি পিন্ধি কোঁচক যুদ্ধ কৰোঁ। তিৰুতা নে পুতানু এতেকে মোক জানিবি। তহঁতে মোৰ সাজ পিন্ধিবি।” এই বুলি গাভৰুৱে পুতেক ত্যাওপেতক কাঢ়ি নিলে। পাচে বৰগোহাঁয়ে ৰজাদেৱত কলে—“ৰাজ্যৰ কাৰণে মোৰ পোক দিলোঁ য’ক।” পুনৰ গাভৰুৱে বোলে — “মোৰ লৰাক কোনে দিব পাৰে? দিখৌ নৈক ওভোটাই বোৱাব পাৰিলেহে মোৰ লৰাক দিব পাৰে।”(দেওধাই অসম বুৰঞ্জী, পৃষ্ঠা ৪৪)[৮]
- আহোম যুগত মাংসৰ ব্যৱহাৰ বৃদ্ধি পালে। নানা জাতীয় পশুৰ মাংস আৰু মাছ মানুহে খাইছিল। বিবিধ ভক্ষ্য পশুৰ ভিতৰত ম’হ গাহৰিৰ মঙহ খোৱাৰো উল্লেখ আছে। মাছ-মঙহৰ প্ৰচলনৰ লগতে ফটিকা পানো প্ৰচলিত হৈছিল। উচ্চশ্ৰেণীৰ প্ৰায়বোৰ মানহে নিজৰ গৃহত, উৎসৱত অথবা সমাজত ( club) ফটিকা খাইছিল। দেৱ-দেৱীৰ পূজা আৰু ৰজাঘৰত ফটিকাৰ প্ৰচলন আছিল। বিষয়াৰ সৰহ ভাগেই ফটিকা খাইছিল বুলি অনুমান হয়; নহলে “মদ নোখোৱাৰ পুতেক” আদি নামৰ সৃষ্টি নহলহেঁতেন। এই যুগতে তামোল খোৱা প্ৰথাৰ ব্যাপক প্ৰচাৰ আৰু তাৰ লগতে পিকদানৰ ব্যৱহাৰ উল্লেখযোগ্য।[৯]
- ঋতু আৰু শস্য সম্বন্ধীয় উৎসৱৰ ভিতৰত বিহু প্ৰধান। আহোমসকলৰ দিনতে বিহু জাতীয় উৎসৱ স্বৰূপে পৰিগণিত হয়।[১০]
- অসমৰ তাঁত-শিল্পৰ উন্নতিত আহোমৰ দান সৰ্ব্বোচ্চ। এই প্ৰসঙ্গত স্বৰ্গদেৱ প্ৰতাপসিংহৰ দিনত মোমাই তামূলী বৰবৰুৱাই কৰা ব্যৱস্থা মন কৰিবলগীয়া। তেওঁ নিয়ম কৰিলে যে অসমৰ প্ৰত্যেক গৰাকী তিৰোতাই নিতৌ সন্ধিয়া বা ৰাতি দুটা সুতলাহী পকাব লাগিব। পাচদিনা গাৱঁৰ গাওঁবুঢ়াই চাই যাব সেই আদেশ মতে কাম হৈছে নে নাই। তাৰ উপৰিও প্ৰত্যেক অসমীয়া গৃহস্থীয়ে ৰজাৰ ভৰাললৈ বছৰি এপোৱা পাটৰ সূতা দিয়া নিয়ম আছিল। (বুৰঞ্জীৰ বাণী, পৃঃ ১২৭)অসমীয়া শিপিনীয়ে বোৱা ৰণুৱা কাপোৰৰ বিষয়ে বহু, কিম্বদন্তী প্ৰচলিত আছে; এই কাপোৰ পিন্ধি ৰণলৈ গলে ৰণজয় নিশ্চিত; এই কাপোৰৰ লক্ষণ—
- মাজ-নিশা ৰাতি কপাহ নেওঠি, পাঁজি কাটি, ৰাতি নৌপৱোওঁতেই বৈ উলিয়াব লাগে, তাকে আহোম মতে লব, তাকে কবচ-কাপৰ বোলে। (অসম বুৰঞ্জী, পৃঃ ২১)কিংখাপ, মেজাঙ্কৰি, পাট আৰু মুগা শিল্পৰ ব্যাপক প্ৰচলন আহোম স্বৰ্গদেৱ আৰু ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাতে সম্ভৱ হৈছিল। কুঁৱৰী আৰু উচ্চ বা-বিষয়াৰ তিৰোতাসকলেও বিচিত্ৰ কাপোৰ বৈ নিজৰ শিল্প নিপুণতাৰ পৰিচয় দিছিল।[১১]
- অসমীয়া পুৰুষ-মহিলাৰ যি জাতীয় সাজ-পোছাক সি সম্ভৱতঃ আহোম যুগতে নিৰ্ধাৰিত হয়। ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া তিৰোতাইহে ৰিহা মেখেলা-চাদৰ, একেলগে এই তিনি বস্ত্ৰ পৰিধান কৰে।[১২]
- যি জনসমষ্টিয়ে অসমীয়াক মাতৃভাষা স্বৰূপে গ্ৰহণ কৰিছে—তেওঁলোকৰ দ্বাৰাই অসমীয়া জাতি আৰু সংস্কৃতি সৃষ্টি হৈছে। অসমীয়া সংস্কৃতি কোনো এক বিশেষ ফৈদ বা খেলৰ সুকীয়া বস্তু নহয়। অসমীয়া সংস্কৃতি গভীৰ সমুদ্ৰ। নানা জাতি আৰু উপজাতিৰ ভাৱ-চিন্তা, নীতি-নিয়মৰ সোঁতেৰে ই গঢ়ি উঠিছে। অসমবাসী আৰু অসমীয়া ভাষা কওঁতা হিন্দু-মুছলমান সকলো সম্প্ৰদায়ে এই সংস্কৃতিৰ সৃষ্টিত আৰু পৰিপুষ্টিত শক্তি অনুসৰি সহায় কৰিছে। কল আৰু ডিল সংযোগ হৈ সহজ সৰল অসমীয়া শব্দ কল-ডিল সৃষ্টি হোৱাৰ দৰে হিন্দু-মাছলমান বিভিন্ন সম্প্ৰদায়ৰ মিলনত অসমীয়া সভ্যতা আৰু সংস্কৃতিৰ উদ্ভৱ হৈছে।[১৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ১২৩
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ১৩৩
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ১৩৫
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ১৪৪
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ১৭
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ৫২
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ১৫৩
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ৯৫
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ১০২
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ১১১
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ৯৮
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ৯৯
- ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৬৩)৷ অসমীয়া ভাষা আৰু সংস্কৃতি৷ লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা: ১১২