সমললৈ যাওক

অশোকাষ্টমী

ৱিকিউদ্ধৃতিৰ পৰা

অশোকাষ্টমী যুৱ সাহিত্য অকাডেমি বঁটা বিজয়ী কবি বিজয় শংকৰ বৰ্মনৰ কাব্যগ্ৰন্থ। পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কাব্য সংকলনখন প্ৰথম প্ৰকাশ হৈছিল ২০১১ চনৰ ছেপ্টেম্বৰত। কাব্য সংকলনখনে ২০১৩ বৰ্ষত যুৱ সাহিত্য অকাডেমি বঁটা লাভ কৰে।

  1. "ঘাটবোৰ এৰি
    বৈ যায় নৈ
    পানীৰ তলত
    পৰি ৰয় মাথোঁ
    কজলা দলঙাবোৰ।"[]
  2. "মেদুৰ মেঘৰ মাজৰ
    কোনোবাখিনিত তুমি
    আসন পাতি চকুলো টোকা।" []
  3. "পাহাৰটো
    মোৰ পিছে পিছে
    দুপদুপাই আহি আছিল।"[]
  4. "সাত বিহুৰ আবেলি
    এপাহ কেতেকী তাইৰ দুহাতত গুঁজি দি সি কয়ঃ
    'হাবি ভাঙি আনিছোঁ। সযতনে ৰাখিবি।"[]
  5. "পৃথিৱীওচোন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে
    অনন্তকালৰ এই ঘূৰণত ই কিয় ৰৈ যোৱা নাই
    পাকঘূৰ্ণী খাই!"[]
  6. "শিলৰ ফাঁকত মই বিচাৰি ফুৰোঁ
    লেধাই শামুকৰ খোলা।"[]
  1. বৰ্মন, বিজয় শংকৰ (২০১১)। অশোকাষ্টমী। পাঞ্চজন্য প্ৰকাশন, পৃষ্ঠা:২৭।
  2. বৰ্মন, বিজয় শংকৰ (২০১১)। অশোকাষ্টমী। পাঞ্চজন্য প্ৰকাশন, পৃষ্ঠা:৩৪।
  3. বৰ্মন, বিজয় শংকৰ (২০১১)। অশোকাষ্টমী। পাঞ্চজন্য প্ৰকাশন, পৃষ্ঠা:৪২।
  4. বৰ্মন, বিজয় শংকৰ (২০১১)। অশোকাষ্টমী। পাঞ্চজন্য প্ৰকাশন, পৃষ্ঠা:৫৩।
  5. বৰ্মন, বিজয় শংকৰ (২০১১)। অশোকাষ্টমী। পাঞ্চজন্য প্ৰকাশন, পৃষ্ঠা:৭১।
  6. বৰ্মন, বিজয় শংকৰ (২০১১)। অশোকাষ্টমী। পাঞ্চজন্য প্ৰকাশন, পৃষ্ঠা:৯৯।