অশান্ত প্ৰহৰ
অৱয়ব
অশান্ত প্ৰহৰ কাঞ্চন বৰুৱাৰ এখন উল্লেখযোগ্য উপন্যাস। জল, স্থল, অন্তৰীক্ষ ছাটি পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে কঁপাই তোলা দ্বিতীয় মহাসমৰৰ প্ৰচণ্ড বা-মাৰলিৰ মাজতো আৰু বেছি উতপ্ত আৰু দুৰ্বাৰ হৈ উঠা অসম তথা ভাৰতৰ কোটি কোটি নিষ্পেষিত জনতাৰ অপৰিসীম ত্যাগেৰে ভৰা দেশৰ মুক্তি-আন্দোলনৰ পটভূমিত ৰচিত উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৭৭ চনৰ অক্টোবৰত গুৱাহাটী বুক ষ্টল প্ৰকাশনৰ দ্বাৰা।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "যুদ্ধ-কেৱল যুদ্ধ। চাৰিওফালে জীৱন-মৰণ পণ কৰি উন্মাদ হৈ উঠা সমগ্ৰ বিশ্ব-মানৱতাৰ ৰক্তক্ষয়ী যুদ্ধ। সি চলিছে সমগ্ৰ ইউৰোপত, এছিয়াৰ ৰণাঙ্গনত, আফ্ৰিকাৰ মৰুভূমিত, পূৰ্ব সীমান্তৰ দ্বীপে দ্বীপে।"[১]
- "আমাৰ পাখি নাথাকিলেও ভৰি আছে, হাত আছে, নাই মাথো উইজদম।"[২]
- "ত্যাগৰ মাজেৰে, মানৱতাৰ সেৱাৰ মাজেৰে, দেশৰ এই মুক্তি-যজ্ঞত আমাৰ প্ৰত্যেকজন ডেকা-গাভৰু, কিশোৰ-কিশোৰীয়ে জীৱন পণ কৰি ইয়াত যোগ দিয়াই হ'ল আজি আমাৰ একমাত্ৰ কৰ্তব্য- একমাত্ৰ ধৰ্ম।"[৩]