অলকানন্দা (কাব্যগ্ৰন্থ)
অৱয়ব
অলকানন্দা, নলিনীবালা দেৱীৰ এখনি কাব্যগ্ৰন্থ। অলকানন্দা কাব্যগ্ৰন্থৰ বাবে ১৯৬৭ চনত তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মোৰ নিৰস প্ৰাণত ঢৌ তুলি যোৱা কোন তুমি ৰূপস্বপ্না?
দুটি চকু মোৰ সজলে আৱৰা বিস্মৃতা
মই আনমনা। - সুৰে কান্দে হাঁয়, নাই নাই নাই
মালতী মৰহে কৰণী শুকায়
পুৱতী তৰাৰ চকুলো নিগৰে
পুৱালে মাধবী ৰাতি। - সুৰৰ পৃথিৱী সুন্দৰ শোভাময়
উচ্ছল সুৰ সৃষ্টি সপোন অপৰূপ ৰূপময়। - পুৱতী নিশাত
কোনেনো বজালে মোহনীয়া বাঁহী সুৰ,
নিশাৰ তন্দ্ৰা বিভোৰ ভাঙিলে ঘুমটি ঘোৰ। - মন উপবন সপোন মগন
তুমি চিৰ অনুপম ৰূপ
মালঞ্চ বনভূমি শোভা সুৰভিত মনোৰম। - পুৱতী তৰাই মুখ লুকুৱালে
আকাশ পলাশে বোলালে
অৰুণ কোঁৱৰে হেজাৰ পোহৰে নিশাৰ চকুলো মচিলে। - কোন সৰগৰ তৰা তুমি
কোন সাগৰৰ মণি;
অযুত তৰাৰ দেশত তুমিযে
শাৰদী পূৰ্ণিমা জোন।
তুমি কোন কোৱাঁ,
কোৱাঁ তুমি কোন? - মোৰ গীত শুনি
তৰা ফুলবোৰে মিচিকি মিচিকি হাঁহিব
নীলা, তোমাৰ জোনাক দেশত গীতৰ লহৰী তুলিব। - সমীৰে ক'লে
মধু জোছনাক এটুপি জোনাক দিয়া
জোনোৱালী হৈ যাওঁ,
জোনাকে ক'লে
জোনাক লুকাল ডাৱৰে ঢাকিলে মুখ
জোনাক বিচাৰি যাওঁ। - ধূলিৰ মাজত ধূলিৰ কণিকাত
এটি গীত লিখা ৰ'ব।
সুৰবোৰে মোৰ ধূলিৰ মাজত
জীৱনৰ কথা ক'ব। - জোনাক তোমাক সাৱটি লৈ যাঁও
জোনোৱালী হৈ
মৰমী জোনাই মাতি নিয়া তোমাৰ কাষলৈ সপোন পুৰীলৈ। - ফুলনিত মোৰ হেজাৰ কুসুম ফুলালি মৰমে তোৰ
তোৰ সুৰভিয়ে হিয়াত জগালে অযুত সপোনবোৰ। - জোনাকীৰ এধানি পোহৰে এন্ধাৰত বাট দেখুৱায়,
বিবেকৰ শলিতা গছিয়ে জীৱনৰ বাট পোহৰায়।
মানুহৰ মনৰ গুহাত এখনি গুপুত জগতত,
এজনা গোপন কাৰিকৰে ৰং সানে মনৰ মাজত। - লুকোৱা গোপন শিল্পীজনে
বিয়াকুল বিচাৰি প্ৰকাশ উৎসুক
সন্ধানী দৃষ্টি অন্তৰত দিব্য অনুৰাগ। - সৃষ্টিৰ প্ৰেৰণা জাগে মাতৃ
অসমৰ মোহন তুলিকা লৈ আহাঁ খনিকৰ।
আহা সুৰ গীত বাদ্যকাৰ
ছন্দে সুৰে ওপচাই শুদ্ধ পূজাৰী আহাঁ,
আহাঁ পূজাৰিণী
জ্ঞান-বিজ্ঞানৰ-কলা মণি মুকুতাৰে
সজোৱা অখণ্ড মাতৃৰূপ।
ইখনি সোণৰ দেশ
যুগমীয়া তুমি আমাৰ ওপজা ঠাই
এইখনি মৰ্ত্য স্বৰ্গভূমি। - মৰমে ৰাঙলী কৰা চিৰ সেউজীয়া বিহু এই অসমৰ
পৃথিবী মাজত ক'তো পাবলৈ নাই
ফুলে ফুলে মনোহৰ অসমীৰ ৰভাতল
বনে উপবনে পতা ফুলৰ শৰাই।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ নলিনীবালা দেৱী ৰচনা সম্ভাৰ,পৃষ্ঠা-০২,০৩,০৫,০৯,১১,১৩,১৪,১৭,২০,২২,৩০,৩১,৫৬,৬১,৭৯