অম্লান দত্ত
অৱয়ব
অম্লান দত্ত (১৯২৪ – ২০১০) এজন বিশিষ্ট ভাৰতীয় বাঙালী অৰ্থনীতিবিদ আৰু শিক্ষাবিদ আছিল। তেওঁ উত্তৰ বংগ বিশ্ববিদ্যালয় আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যি জ্ঞানে মানুহক অলপো পৰিৱৰ্তন নকৰে, সেইয়া তেওঁৰ অন্তৰৰ বস্তু হৈ উঠা নাই। জ্ঞানক সঠিক অৰ্থত মনৰ অংশ কৰি তোলাই মননৰ প্ৰকৃত কাম।
- অম্লান দত্ত এক অমলিন স্মৃতি. প্ৰকাশক: কালি ও কলম. আহৰণ কৰা হৈছে: ২০২৬-০৪-১২.
- গণতন্ত্ৰ কেৱল এক শাসন ব্যৱস্থাই নহয়, ই এক জীৱনধাৰা।
- অম্লান দত্ত (১৯৭০)। For Democracy, ৩য়, কলকাতা। The Minerva Associates।
- প্ৰাকৃতিক বিজ্ঞানৰ লগতে সমাজবিজ্ঞানৰ উন্নতিও সম্ভৱ হৈছে এমুঠিমান অসাধাৰণ প্ৰতিভাশালী ব্যক্তিৰ প্ৰচেষ্টাৰ বাবে...
- অম্লান দত্ত (১৯৭০)। For Democracy, ৩য়, কলকাতা। The Minerva Associates।
- যুক্তি কেতিয়াবা শ্ৰেণী আৰু সংঘবদ্ধ স্বাৰ্থৰ সহায়ক, আকৌ কেতিয়াবা ই এই সীমাবদ্ধতাক অতিক্ৰম কৰাৰ পৰামৰ্শদাতা। মানৱতাবাদৰ দিশে অগ্ৰসৰ হোৱা এই যাত্ৰাত যুক্তি হ’ল পথপ্ৰদৰ্শক।
- প্ৰবন্ধ সংগ্ৰহ – অম্লান দত্ত. প্ৰকাশক: বাংলা লাইব্ৰেৰী. আহৰণ কৰা হৈছে: ২০২৬-০৪-১২.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অম্লান দত্ত এক অমলিন স্মৃতি (বাংলা ভাষাত)
- প্ৰবন্ধ সংগ্ৰহ – অম্লান দত্ত (বাংলা ভাষাত)
