অমলপ্ৰভা দাস
অৱয়ব
অমলপ্ৰভা দাসৰ জন্ম হৈছিল ১৯২১ চনৰ ১২ নৱেম্বৰত ডিব্ৰুগড়ৰ নতুন আমোলাপট্টিত। সেই সময়ত ডিব্ৰুগড়ৰ বেৰি হোৱাইট মেডিকেল স্কুলৰ অস্ত্ৰোপচাৰৰ অধ্যাপক ডাঃ হৰিকৃষ্ণ দাস আৰু অসমৰ প্ৰথম স্ত্ৰী শিক্ষাৰ পথ প্ৰদৰ্শক হেমপ্ৰভা দাসৰ দ্বিতীয় সন্তান আছিল অমলপ্ৰভা দাস। অসমৰ প্ৰথম এম এছ চি পাছ কৰা মহিলা আছিল অমলপ্ৰভা দাস।[১]
ভিন্নজনে আগবঢ়োৱা মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অমলপ্ৰভা আদৰ্শৰ এক মূৰ্ত প্ৰতীক। সেই হিচাপে তেওঁ চিৰকাল পোহৰ বিকিৰণ কৰি থাকিব। (বিজয় চন্দ্ৰ ভাগৱতী)[১]
- বহুতৰে চকুৰ আঁৰত লুকাই থকা হীৰা এটুকুৰাক আচাৰ্য্য বিনোবাজীয়ে তুলি ধৰি জগতক জনালে।(পুষ্পলতা দাস)[১]
- ব্ৰহ্মসংগীত বাইদেউৰ প্ৰাণস্বৰূপ আছিল। বাইদেৱে নিজেও কৈছিল, "গানেই মোৰ প্ৰাণ।” মৃত্যুৰ কিছুদিন আগলৈকে স্মৃতিৰ পৰা সহজভাৱে ওলোৱা ব্ৰহ্মসংগীতবিলাক এটি এটিকে গাই গৈছিল। বাইদেৱে পিছলৈ স্মৃতিশক্তি হেৰুৱাইছিল যদিও অজস্ৰ ব্ৰহ্মসংগীত কণ্ঠস্থ আছিল আৰু এই সংগীতৰ ভাবনাৰ লগত যে একাকাৰ হৈ গৈছিল। (শকুন্তলা চৌধুৰী)[১]
- অতুলনীয় মাতৃত্বৰ প্ৰতিমূৰ্তি বাইদেউৰ নামটোৱেই কেৱল অমল নহয়, প্ৰকৃতাৰ্থত 'অমল'। অসমৰ মানুহে তেওঁক হয়তো ভালদৰে চিনি পোৱা নাই কিন্তু অসমৰ বাহিৰৰ সৰ্বভাৰতীয় নেতা আৰু কৰ্মীয়ে তেওঁক যিদৰে শ্ৰদ্ধা আৰু মাৰ্গদৰ্শন বিচাৰে সঁচাকৈয়ে অসমৰ বাবে এয়া অতি গৌৰৱৰ কথা। (সমীৰণ দাস)[১]
- বাইদেউ যেন এখন অমূল্য গ্ৰন্থহে, পঢ়িব পৰা হ'লে কতনা বস্তু আয়ত্ত কৰিব পাৰিলোঁহেঁতেন। ব্যৱহাৰিক জীৱনৰ দ্বাৰাই আমাক প্ৰতিটো কথা শিকাই আছিল। (স্বৰ্ণ দেৱী)[১]
- ত্যাগৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতীয় সংস্কৃতিৰ মূৰ্ত প্ৰতীক, অসীম ত্যাগ আৰু বিনয়ৰ প্ৰতিমূৰ্তি পৰম শ্ৰদ্ধেয়া অমলপ্ৰভা বাইদেউ বিশ্বৰ নাৰী সমাজৰ কেৱল উজ্জ্বল আদৰ্শই নহয়, এটি মহান অনুষ্ঠান। (কমলকুমাৰী বৰুৱা)[১]