অন্য যুগ অন্য পুৰুষ
অৱয়ব
অন্য যুগ অন্য পুৰুষ অসমীয়া সাহিত্যৰ এখন কালজয়ী উপন্যাস। সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক দেবেন্দ্ৰ নাথ আচাৰ্য্যৰ এই উপন্যাসখন গুৱাহাটী বুক ষ্টলে প্ৰথম প্ৰকাশ কৰিছিল ১৯৭০ চনৰ মাৰ্চত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "আমাৰ দেশৰ ডা-ডাঙৰীয়াৰ ঘৰত, দল-দেৱালয়ত, গোঁসাইসকলৰ বৰপেৰাত আৰু ৰজাৰ ভঁৰালত বোলে আগেয়ে সোণে-ৰূপে ঠাহ খাই আছিল- এতিয়া কুম্পানীয়ে সেইবোৰ চালান দি শেষ কৰিলে। ফলত সোণৰ বুটা দিয়া কাণত পিন্ধা কঁৰীয়া এযোৰো দেশখনত দেখিবলৈ নাইকীয়া হ'ল।"[১]
- "ইস্তিন্দিং কুম্পানীয়ে জাহাজ বোৰত ভৰাই সোণ-ৰূপৰ বাহিৰেও আৰু বহুতো বস্তু নিয়ে- ভাল ভাল কাঠ, পুৰণি পুথি-পাঁজি, হাতে-বোৱা মিহি পাটৰ কাপোৰ, চাহপাত, তেল, খোৱা বস্তু-বেহানি, এইবোৰ এইদৰে চলাইমেলি সৰকাই নি আমাৰ দেশখন লাওলোৱা কৰিলে।"[২]
- "শদিয়া বাগানৰ চাহক আমাৰ ইয়াত হাইচন্ বুলি কলে, কলিকতাত তাকে চুকং বুলিলে, শেহান্তৰত এইবোৰ ক'লাচাহ বুলি বিলাতলৈ চালান দিলে।"[৩]
- "নাহৰগুটি জ্বলাবলৈ বৰ ভাল। ছাতি দণ্ডিৰ শলাত খুচি জ্বলালে বহুত সময় থাকে।"[৪]
- "তেতিয়াৰ দিনত আকৌ মটৰগাড়ীবোৰৰ পাছফালৰ ধোঁৱা ওলোৱা নলীডালে ধপ্ ধপ্ কৈ উকাহিলৈ হেন শব্দ কৰিছিল- খুন্দা খাই প্ৰাণে মৰাৰ আশঙ্কাত খালে-ডোঙ্গে পানী দৰক্ লৈ থকা অলপধতুৱাসকলৰ কলখোৱা ধাতু সেই শবদ শুনিয়েই ওলাই যাওঁ ওলাই যাওঁ কৈ ধপ্ ধপাই থাকে।"[৫]
- "লোকে কোৱা শুনিছো আউনীআটী সত্ৰত বোলে ব্ৰহ্মপুত্ৰৰ সোণৰ মণি এধাৰ আছে- সেই মণিধাৰ সত্ৰই য'তে ৰাখে, ব্ৰহ্মপুত্ৰই সেইফালে চোঁচা লয়।"[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ আচাৰ্য্য, দেবেন্দ্ৰ নাথ (১৯৭০)। অন্য যুগ অন্য পুৰুষ। গুৱাহাটী বুক ষ্টল, পৃষ্ঠা:১৩।
- ↑ আচাৰ্য্য, দেবেন্দ্ৰ নাথ (১৯৭০)। অন্য যুগ অন্য পুৰুষ। গুৱাহাটী বুক ষ্টল, পৃষ্ঠা:১৪।
- ↑ আচাৰ্য্য, দেবেন্দ্ৰ নাথ (১৯৭০)। অন্য যুগ অন্য পুৰুষ। গুৱাহাটী বুক ষ্টল, পৃষ্ঠা:৩৪।
- ↑ আচাৰ্য্য, দেবেন্দ্ৰ নাথ (১৯৭০)। অন্য যুগ অন্য পুৰুষ। গুৱাহাটী বুক ষ্টল, পৃষ্ঠা:৪৭।
- ↑ আচাৰ্য্য, দেবেন্দ্ৰ নাথ (১৯৭০)। অন্য যুগ অন্য পুৰুষ। গুৱাহাটী বুক ষ্টল, পৃষ্ঠা:৫৫।
- ↑ আচাৰ্য্য, দেবেন্দ্ৰ নাথ (১৯৭০)। অন্য যুগ অন্য পুৰুষ। গুৱাহাটী বুক ষ্টল, পৃষ্ঠা:৭০।