অনুশীলন (নিৰ্বাচিত সাহিত্য সমালোচনা)
অৱয়ব
অনুশীলন অৰিন্দম বৰকটকী ৰ দ্বাৰা ৰচিত নিৰ্বাচিত সাহিত্য সমালোচনা। ২০১০ চনৰ নৱেম্বৰ মাহত গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰা হৈছিল।২০১২ চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয়, ২০১২ চনৰ এপ্ৰিল মাহত তৃতীয় আৰু ২০১৯ চনৰ মাৰ্চ মাহত ক্ৰান্তিকাল প্ৰকাশনে গ্ৰন্থখনৰ চতুৰ্থ সংস্কৰণ প্ৰকাশ কৰি উলিয়ায়। ২০১১ চনত গ্ৰন্থখনে মুনীন বৰুৱা বঁটা আৰু প্ৰথম বাৰৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কিহৰ বাবেনো ৰূপান্তৰৰ সৃষ্টিশীল সম্ভাৱনাৰ প্ৰতি নৱকান্ত ইমান বেছি আগ্ৰহী আছিল সেই প্ৰশ্ন মনলৈ আহিলে আমাৰ ভাব হয় হয়তো জাগতিক পৃথিৱীখনৰ নিৰ্দিষ্টতাই নৱকান্তৰ অন্বেষণক অৰ্থ প্ৰদান কৰিব পৰা নাছিল, সন্তুষ্ট কৰিব পৰা নাছিল। সেয়েহে আন কবিয়ে যেতিয়া বাটৰ কথা কৈছিল নৱকান্তই দলঙৰ কথা কৈছিল। আন কবিৰ বাবে যেতিয়া কবিতা আছিল জীৱনৰ অৰ্থপ্ৰাপ্তি, নৱকান্তৰ বাবে কবিতা আছিল অৰ্থৰ অন্বেষণ। তেওঁৰ কবিতাত দেখাৰ দৰে আন কোনো কবিৰ কবিতাতেই ইমান বেছি প্ৰশ্নবোধক চিনৰ ব্যৱহাৰ দেখা নাপাওঁ।[২]
- অজিৎ বৰুৱাৰ কবিতা পঢ়াৰ মজা সেইখিনিতেই। সম্ভাৱনীয়তা আৰু সম্ভাৱনাহীনতাৰ বিৰোধাভাস বা দোমোজাৰ যি শিহৰণ তাক শীৰ্ষবিন্দুলৈকে উপলব্ধি কৰিব পাৰি- যিটো অজিৎ বৰুৱাই কৰি তোলে সচেতনভাবে, পাশ্চাত্য শাস্ত্ৰীয় সংগীতত সম্ভৱ হোৱাৰ দৰে। [৩]
- অসমত কবি মানেই বিদ্ৰোহী, প্ৰেমিক, দাৰ্শনিক জাতীয় ধাৰণা এটাৰ বৰ প্ৰচলন আছে। দুজনমান বিশেষ কবিক বাদ দি এই ধাৰণা সৰহ সংখ্যকৰ ক্ষেত্ৰতেই অনুকৰণৰহে,অনুশীলনৰ নহয়। সেয়েহে প্ৰায়ভাগ কবিৰ কবিতাতেই বিচাৰি নাপাওঁ শব্দ এটাই সৃষ্টি কৰিব পৰা শিহৰণ বা শিহৰণকাতৰতা আৰু কবি এজনে আয়ত্ত কৰা শব্দপ্ৰাপ্তিৰ প্ৰজ্ঞা। [৪]
- জীৱনৰ এনে দুৰ্লভ মুহূৰ্তৰ সন্ধানেই হৈছে ভবেন বৰুৱাৰ কাব্য পৰিক্ৰমাৰ মূল আধাৰ। আজি, যিসময়ত নবীন অসমীয়া কবিৰ কবিতা চূড়ান্ত আত্মকথনৰ ভাববিলাসেৰে ভাৰাক্ৰান্ত হৈছে সেই সময়ত ভবেন বৰুৱাৰ কবিতাৰ অধ্যয়ন আৰু আলোচনা তেখেতৰ নিজা মৌলিক কাব্যদৰ্শনৰ প্ৰেক্ষাপটত পুনৰাই হোৱাটো সাম্প্ৰতিক অসমীয়া কবিতাৰ বাবে উপাদেয় হ'ব বুলি আমি বিশ্বাস কৰোঁ। [৫]
- সমীৰ তাঁতীৰ শেহতীয়া কাব্য সংকলন কদম ফুলাৰ ৰাতি অসমৰ চাহ-বনুৱাসকলৰ জীৱন-যাতনা-স্বপ্ন-প্ৰেম-অভিমান আৰু সম্ভাৱনাৰ দৃশ্যকাব্য আখ্যা পাব পৰাকৈ শক্তিশালী। [৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ অৰিন্দম বৰকটকী (২০১৯)। অনুশীলন। ক্ৰান্তিকাল প্ৰকাশন।
- ↑ অৰিন্দম বৰকটকী (২০১৯)। অনুশীলন। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:১৯।
- ↑ অৰিন্দম বৰকটকী (২০১৯)। অনুশীলন। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:৩১।
- ↑ অৰিন্দম বৰকটকী (২০১৯)। অনুশীলন। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:৪৫।
- ↑ অৰিন্দম বৰকটকী (২০১৯)। অনুশীলন। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:৮০।
- ↑ অৰিন্দম বৰকটকী (২০১৯)। অনুশীলন। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:১২৭।