সমললৈ যাওক

অনিতা আনন্দ

ৱিকিউদ্ধৃতিৰ পৰা
২০২৫ চনত অনিতা আনন্দ

অনিতা আনন্দ পিচি(জন্ম ২০ মে', ১৯৬৭), এগৰাকী সাংসদ তথা কানাডাৰ অধিবক্তা আৰু ৰাজনীতিবিদ, যিয়ে ২০২১ চনৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৯ চনৰ ফেডাৰেল নিৰ্বাচনৰ পিছৰে পৰা হাউছ অৱ কমনছত অকভিলৰ ৰাইডিঙক প্ৰতিনিধিত্ব কৰি লিবাৰেল পাৰ্টিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। কানাডাৰ ৪৩ সংখ্যক সংসদৰ সময়ত তেওঁ জনসেৱা আৰু ক্ৰয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ক’ভিড-১৯ মহামাৰীৰ সময়ত কানাডাৰ ভেকচিন আৰু ব্যক্তিগত সুৰক্ষা সঁজুলি ক্ৰয়ৰ কাম চোৱাচিতা কৰিছিল। তেওঁ কানাডাত ফেডাৰেল মন্ত্ৰী হোৱা প্ৰথমগৰাকী হিন্দু মহিলা।

  1. কানাডাই এই কাৰ্যক গৰিহণা দিয়ে আৰু মই ব্যক্তিগতভাৱে ইয়াৰ প্ৰতি বিতৃষ্ণা অনুভৱ কৰিছোঁ কাৰণ তেওঁলোকৰ কাৰ্য নিন্দনীয় আৰু ইউক্ৰেইনৰ ভূখণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বত সম্পূৰ্ণ অযুক্তিকৰ আৰু অবৈধ অনুপ্ৰৱেশ।[]
  2. কানাডাই “একে সময়তে খোজ কাঢ়িব আৰু চুইংগাম চোবাই খাবলৈ সক্ষম’’।[]
  3. “ইউক্ৰেইনৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰপতি (ভ্লাডিমিৰ) জেলেনস্কিৰ মনোভাৱ আৰু দৃঢ়তাই আমাক সকলোকে অনুপ্ৰাণিত কৰি আহিছে। ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনী পৰিচালিত, অনুশাসিত, আৰু উন্নত প্ৰশিক্ষিত - আৰু তেওঁলোকে জয়ী হৈ আছে’’।[]
  4. মই অহৰহ তেনেকৈয়ে কৈ আহিছোঁ যে, মোৰ শীৰ্ষ অগ্ৰাধিকাৰ হ’ল সেইটো নিশ্চিত কৰা যে আমাৰ সশস্ত্ৰ বাহিনীৰ সকলো সদস্যই এই দেশৰ সেৱাত ইউনিফৰ্ম পিন্ধিলে সুৰক্ষিত আৰু সন্মানিত হয়।[]
  5. হাইপাৰছ’নিকৰ পৰা চাইবাৰ আক্ৰমণলৈকে, মহাশক্তিৰ প্ৰতিযোগিতাৰ পুনৰ উত্থানলৈকে ভাবুকিবোৰ দ্ৰুতগতিত বিকশিত হৈছে। আন কথাত আজি আমি বাস কৰা পৃথিৱীখন ২০১৭ চনৰ শক্তিশালী, নিৰাপদ, নিয়োজিত হোৱা ভাবুকিৰ মূল্যায়নৰ পৰা পৃথক।[]
  6. "মই সাধাৰণভাৱে বিশ্বাস কৰোঁ যে, বহু পদত, প্ৰতিটো প্ৰতিষ্ঠানতে সিদ্ধান্ত গ্ৰহণৰ মেজত মহিলাক ৰখাৰ গুৰুত্ব আছে"।[]