সমললৈ যাওক

অদ্বৈত মল্লবৰ্মণ

ৱিকিউদ্ধৃতিৰ পৰা
তিতাস একটি নদীৰ নাম। তাৰ কূলজোড়া জল, বুকভৰা ঢেউ, প্ৰাণভৰা উচ্ছ্বাস।
স্বপ্নেৰ ছন্দে সে বহিয়া যায়।
—অদ্বৈত মল্লবৰ্মণ
চিত্ৰ:তিতাস একটি নদীৰ নাম উপন্যাসেৰ প্ৰচ্ছদ.png
তিতাস একটি নদীৰ নাম উপন্যাসখনৰৰ প্ৰচ্ছদ

অদ্বৈত মল্লবৰ্মণ (১ জানুৱাৰী ১৯১৪ – ১৬ এপ্ৰিল ১৯৫১) এগৰাকী বাঙালী ঔপন্যাসিক আৰু সাংবাদিক৷ তিতাস একটি নদীৰ নাম উপন্যাস লিখি তেওঁ বাংলা সাহিত্যত স্মৰণীয় আৰু অমৰ প্ৰতিভা হিচাপে বিশেষ স্বীকৃতি লাভ কৰে। এই উপন্যাসখন প্ৰথম ‘মাসিক মোহাম্মদী’ কাকতত প্ৰকাশ হৈছিল৷ তেতিয়াৰ কুমিল্লা জিলাৰ অন্তৰ্গত ব্ৰাহ্মণবাড়িয়া মহকুমাৰ গোকৰ্ণ গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল। ১৯৩৪ চনত আৰ্থিক সংকটৰ বাবে কলেজীয়া শি‍ক্ষা বাদ দি কলিকতাৰ মাহেকীয়া বাতৰি কাকত 'ত্ৰিপুৰা'ত সাংবাদিক হিচাপে কাম আৰম্ভ কৰি টকা উপাৰ্জন আৰু জীৱিকা নিৰ্বাহ আৰম্ভ কৰে। ১৯৩৬ চনত নৰেন দত্ত পৰিচালিত ‘নৱশক্তি’ কাকতত যোগদান কৰে। কাকতখনৰ সম্পাদক কবি প্ৰেমেন্দ্ৰ মিত্ৰৰ সহযোগী হিচাপে তেওঁ সহ-সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নৱশক্তিৰ প্ৰকাশ বন্ধ হোৱাৰ লগে লগে তেওঁ মৌলানা মহম্মদ আক্ৰাম খানৰ ‘মাসিক মোহাম্মদী’ত সহকাৰী সম্পাদক হিচাপে যোগদান কৰে। এই সময়ছোৱাত তেওঁ দৈনিক আজাদ কাকততো সাংবাদিক হিচাপে কাম কৰিছিল। নৱযুগ, কৃষক আৰু যুগান্তৰ কাকতত সহকাৰী সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হ'ল: তিতাস একটি নদীৰ নাম (উপন্যাস), এক পয়সায় একটি (গ্ৰন্থ), সাদা হাওয়া (উপন্যাস), সাগৰতীৰ্থে, নাটকীয় কাহিনী, দল বেঁধে (গল্প সংকলন), ৰাঙামাটি, জীবনতৃষ্ণা (অনুবাদঃ লাস্ট ফৰ লাইফ) প্ৰভৃতি।

  • নদীখনৰ এক দাৰ্শনিক ৰূপ আছে। নদী বৈ‍ যায়। সময়ো বৈ‍ থাকে৷ সময়ৰ সোঁতৰ শেষ হোৱা নাই। নদীৰ সোঁতৰো শেষ হোৱা নাই। []
  • এইজনা শিল্পীয়ে‍ যি‍ ছবি আঁকে সেয়া বৰ মনোৰম। কূল স্পৰ্শ কৰি সৰু সৰু গাঁও৷ তাৰ পাছত ভূমি৷ তাতে আঘোন মাহৰ ধান পকাৰ বতৰ৷ মাঘ মাহত সৰিয়হ ফুলৰ অজস্ৰ হাঁহি‍৷ তাৰ পাছত গাঁও৷ ঘাটৰ পাছত ঘাট৷ সেই ঘাটত জীৱন্ত ছবি৷ মাকে লোদোৰ-পোদোৰ পুতেকক ডুবাই দিয়ে আৰু তোলে‍। জীয়ৰি‍-বোৱাৰীহঁতে কলহসহিত ডুব দিয়ে‍। পিছ মুহূৰ্ততে উপঙি উঠে৷ []
  • বুকুৰ কিমান জুই, কিমান হেঁচি‍ ৰখা বতাহ ইয়াৰ পানীত নিৰ্বাপিত হৈ‍ছে। কিমান দিন ধৰি‍ সি এই সকলোবোৰ মনে মনে চাইছে, চাইছে আৰু প্ৰকাশ কৰিছে। আকৌ সি‍ কিমান শিশুৰ জন্ম দেখিলে‍, দ‍েখিলে‍ আৰু ভাবিলে। ভৱিষ্যতৰ প্ৰলয়ত বান্ধ খাই থকা এই অজ্ঞান ল’ৰা-ছোৱালীবোৰে নাজানে, হাঁহিৰ নামত কিমান দুখ, সুখৰ নামত কিমান কষ্ট, মিঠাৰ নামত কিমান বিহ ৰৈ আছে সিহঁতৰ বাবে।[]
  • অ'তপৰ বৰষুণ আছিল ৰিমঝিম আৰু ছন্দময়৷ হঠাৎ বৰষুণ খঙাল হৈ উঠিল। মাৰ্ মাৰ্ কাট্‌ কাট্ শব্দৰ‍ে বৰষুণ আকাশ ভাঙি‍ পৰিবলৈ‍ লাগিল। হু হু শব্দই কাণ তাল মাৰি ধৰে। নদীৰ পাৰৰ মাটি‍, দীৰ পাৰৰ পথাৰ-সমাৰ, গাঁও-ভূই আৰু চকুৰে নমণি৷ ধোঁৱাময় বগা আন্ধাৰত চৌপাশ ম্লান হৈ পৰিছে। []
  1. মল্লবৰ্মণ, অদ্বৈত (১৯৫৮ খ্ৰীস্টাব্দ, ১৩৬৫ বঙ্গাব্দ)। তিতাস একটি নদীৰ নাম। পুথিঘৰ, কলকাতা, পৃষ্ঠা:১৭।
  2. মল্লবৰ্মণ, অদ্বৈত (১৯৫৮ খ্ৰীস্টাব্দ, ১৩৬৫ বঙ্গাব্দ)। তিতাস একটি নদীৰ নাম। পুথিঘৰ, কলকাতা, পৃষ্ঠা:১১।
  3. মল্লবৰ্মণ, অদ্বৈত (খ্ৰীস্টাব্দ, ১৩৬৫ বঙ্গাব্দ)। তিতাস একটি নদীৰ নাম। পুথিঘৰ, কলকাতা, পৃষ্ঠা:১৮।
  4. মল্লবৰ্মণ, অদ্বৈত (১৯৫৮ খ্ৰীস্টাব্দ, ১৩৬৫ বঙ্গাব্দ)। তিতাস একটি নদীৰ নাম। পুথিঘৰ, কলকাতা, পৃষ্ঠা:২২৩।