সমললৈ যাওক

অথাহ

ৱিকিউদ্ধৃতিৰ পৰা

অথাহ বিন্দ্যা চুব্বাৰ দ্বাৰা ৰচিত নেপাালী ভাষাত লিখিত আৰু ২০০২ চনত সাহিত্য একাডেমি পূৰষ্কাৰ লাভ কৰা এখন উপন্যাস। ১৯৫৫ চনত দাৰ্জিলিঙত জন্মগ্ৰহণ কৰা চুব্বাৰ কেইবাখনো উপন্যাস আৰু গল্প সংকলন নেপালী সাহিত্য সমাজত বহুলভাৱে সমাদৃত হৈছে। বিন্দ্যা চুব্বাৰ 'অথাহ' নামৰ উপন্যাসখন হিন্দী,বঙালী,উড়িয়া ভাষাকে ধৰি বহুকেইটা ভাষালৈ অনুবাদ হৈছে। অসমীয়া ভাষালৈ এই উপন্যাসখন অনুবাদ কৰিছে চম্পা উপাধ্যায়ে। উপন্যাসখনৰ পটভূমি হৈছে এখন মানসিক চিকিৎসালয় আৰু চৰিত্ৰবোৰ হ'ল সেই মানসিক চিকিৎসালয়ত থকা ৰোগীসকল। অসমীয়া ভাষাৰ গ্ৰন্থখন প্ৰকাশ কৰিছে লয়াৰ্ছ বুক ষ্টলে।অসমীয়া ভাষাত প্ৰথম কিতাপখন প্ৰকাশ হৈছিল ২০১৫ চনত।

গ্ৰন্থখনৰ উদ্ধৃতিসমূহ

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. "এগৰাকী সেৱিকা আৰু ৰোগীৰ সম্বন্ধকলৈ মই ইয়ালৈ অহা নাই। ইয়াৰ পৰিৱৰ্তে এই বিষয়ক আৰু বেছিকৈ অধ্যয়ন কৰাৰ মানসেৰেহে আহিছোঁ;আপোনালোকক যদি কষ্ট দিছো ক্ষমা কৰিব।"[]
  2. "শশীক আজি বিদ্যুৎ প্ৰৱাহ দিয়াত তাই শান্ত হৈছে। আজিৰ কৰ্মসূচীও সময়মতে সম্পূৰ্ণ হ'ল। লোহাৰ প্ৰকাণ্ড মুখ্য দুৱাৰৰ পৰা ওলাই আহোঁতে মনত আজি নানা ধৰনৰ কথাই বাহ লৈছিল।হোষ্টেলতো সেই একেই কথাবোৰ বাৰে বাৰে মনত পৰি থাকিল।"[]
  3. "মই কাৰেণ্ট নলওঁ"-তাই সহায় বিচাৰিছে। 'প্ৰীতি একো নহয়, মই তোমাক ধৰি থাকিম।' 'মই নলও মোৰ মাকো এইদৰে কাৰেণ্ট দিওঁতে পাগল হৈছিল।'

তাই জানিছিল যে তাইৰ মাক মানসিক ৰোগী আছিল। তেওঁকো সম্ভৱ এই চিকিৎসালয়তেই চিকিৎসা কৰা হৈছিল। []

  1. সকলো বস্তু নিতৌ নিজৰ ক্ষেত্ৰত সুন্দৰ হয়। প্ৰকৃতি সুন্দৰ হৈ আছে নিজৰ সৌন্দৰ্যভৰা ৰূপত। সৌন্দৰ্য সকলো ঠাইতে পোৱা যায়,মাত্ৰ বিচাৰিব জানিব লাগে।[]
  2. খাৰচাং পাৰ হোৱাৰ পাছত আকৌ চুঙ্গ,মনদহ,জোৰবাবঙলা,হৈ দাৰ্জিলিঙৰ ওচৰ চাপি গৈ আছো।[]
  3. এই মহানগৰখন আছে,মই আছো আৰু বৰ্তমান দৈনিক তালিকাত সেই একেই মানসিক চিকিৎসালয়খন আছে। সকলোবোৰে বিভিন্ন প্ৰকাৰৰ নিজৰ নিজৰ সমস্যা। কোনোবাই জীৱনৰ মোহ এৰি দিছে আৰু কোনোবাই তাক ভোগ কৰিছে আৰু কোনোবাই বহন কৰিব পৰা নাই,কোনোবাই আকৌ বৰকৈ ইয়াক বৰকৈ উপভোগ কৰিব বিছাৰে, অপপ্ৰয়োগে কৰে ইয়াক।[]
  1. অথাহ ,বিন্দ্যা চুব্বা,পৃষ্ঠা ১৪
  2. অথাহ ,বিন্দ্যা চুব্বা,পৃষ্ঠা ২৫,
  3. অথাহ ,বিন্দ্যা চুব্বা,পৃষ্ঠা ৩৪,
  4. অথাহ ,বিন্দ্যা চুব্বা,পৃষ্ঠা ৫০,
  5. অথাহ ,বিন্দ্যা চুব্বা,পৃষ্ঠা ৬২,
  6. অথাহ ,বিন্দ্যা চুব্বা,পৃষ্ঠা ৮৭,