অকলে আছোঁ কুশলে আছোঁ (কবিতা সংকলন)
অৱয়ব
অকলে আছোঁ কুশলে আছোঁ মৃদুল হালৈৰ দ্বাৰা ৰচিত কবিতা সংকলন। ২০১০ চনৰ মাৰ্চ মাহত গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়। ২০২২ চনৰ ডিচেম্বৰ মাহত আঁক-বাক প্ৰকাশনে গ্ৰন্থখনৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰা হয়। ২০১৫ চনত গ্ৰন্থখনে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে। [১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কাইলৈ মোৰ চকুৰ দুয়োটা তৰা
খহাই পেলাম
আন্ধাৰৰ প্ৰাচীন শূন্যতাত বুৰ যাম
দাঙিব নোৱৰা এটা শিলক পাতিম
বুকুৰ ৰখীয়া। [২] - নিজকে এৰি থৈ নিজানত
নিজকে পাহৰি
হেৰুৱাই নিজানত
যেন নিজকে বিচাৰি যাম। [৩] - ক'ৰ পৰানো কি হ'ল
কিয় হ'ল কেনেকৈ
একো নজনাকৈয়ে
চৰাইবোৰ হ'ল মানুহো। [৪] - ওৰে ৰাতি
জোন আৰু তৰাৰ চকুপানী
নিয়ৰৰ দৰে টোপে টোপে সৰি থাকে। [৫] - হিয়াইনো কান্দে কেনেকৈ
এনেকৈ
শিলত আছাৰি কাপোৰ ধুই - পানীৰ তলত নুমুৱা টোপনিৰ শিখাবোৰ লৈ মাছবোৰে মোক বিচাৰি আহে ঘাঁহনিৰ আন্ধাৰত পিয়াপি দি ফুৰে তৰাৰ চকুবোৰ[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ হালৈ, মৃদুল (২০২২)। অকলে আছোঁ কুশলে আছোঁ। আঁক-বাক।
- ↑ হালৈ, মৃদুল (২০২২)। অকলে আছোঁ কুশলে আছোঁ। আঁক-বাক, পৃষ্ঠা:১৫।
- ↑ হালৈ, মৃদুল (২০২২)। অকলে আছোঁ কুশলে আছোঁ। আঁক-বাক, পৃষ্ঠা:২৮।
- ↑ হালৈ, মৃদুল (২০২২)। অকলে আছোঁ কুশলে আছোঁ। আঁক-বাক, পৃষ্ঠা:৪০।
- ↑ হালৈ, মৃদুল (২০২২)। অকলে আছোঁ কুশলে আছোঁ। আঁক-বাক, পৃষ্ঠা:৫৭।
- ↑ হালৈ, মৃদুল (২০২২)। অকলে আছোঁ কুশলে আছোঁ। আঁক-বাক, পৃষ্ঠা:৭৩।